৩০০০ টকাৰ এটা পাৰ্চেল ক্ৰয় কৰি নিশাটোৰ ভিতৰত কোটিপতি হোৱাৰ প্ৰলোভন

0
99

৩০০০ টকাৰ এটা পাৰ্চেল ক্ৰয় কৰি নিশাটোৰ ভিতৰত কোটিপতি হোৱাৰ প্ৰলোভন

আমাৰ সময়ঃ ৩০০০ টকাৰ এটা পাৰ্চেল | নিশাটোৰ ভিতৰতে হ’ব পাৰে কোটিপতি | এটা কোম্পানীয়ে যোগান ধৰি আহিছে এই পাৰ্চেল | এই ঘটনা মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ | যোৱা দেওবাৰে এটা কোম্পানীৰ পৰা পাৰ্চেল ৰিচিভ কৰাৰ সময়ত পোহৰলৈ আহে কেতবোৰ ৰহস্যজনক তথ্য । জানিব পৰা মতে কেৰালাত কৰ্মসূত্ৰে থকা জয়নাল আবেদিনৰ ম’বাইলত দিল্লী মাৰ্কাজ মছজিদৰ ইমামৰ নামলৈ এটা ফোনকল আহে৷ ফোনকলৰ যোগেদি জয়নাল আৰু তেওঁৰ পৰিয়াল বিপদৰ পৰা হাত সাৰি থাকিবলৈ আৰু ৰাতিটোৰ ভিতৰত কোটিপতি হ’বলৈ ৩০০০ টকাৰ মূল্যৰ এটা পাৰ্চেল জয়নালৰ আত্মীয় ঘৰলৈ যোগান ধৰে৷

মৈৰাবাৰীত থকা জয়নালৰ আত্মীয় জহিৰুললৈ আজি ডেলিভাৰী বয়ে সামগ্ৰীসমূহ যোগান ধৰাৰ সময়ত পাৰ্চেলটো ৰিচিভৰ সময়ত পোহৰলৈ আহে কেতবোৰ ৰহস্যজনক তথ্য । আনহাতে নগাঁৱৰ পৰা অহা ডেলিভাৰী বয় নিত্যানন্দৰ বেগৰ পৰা উদ্ধাৰ হয় আন বহু সামগ্ৰী । উল্লেখ্য যে পাৰ্চেলবোৰত কোনো কোম্পানীৰ নাম আৰু গৰাকীৰ নাম উল্লেখ নাছিল ৷ এই ঘটনাটোৰ খবৰ পোৱা মাত্ৰকে আৰক্ষীয়ে ডেলিভাৰী বয় নিত্যানন্দসহ আন এজনক আটক কৰে ৷ সম্প্ৰতি আৰক্ষীৰ তদন্ত অব্যাহত আছে বুলি জানিব পৰা গৈছে৷

মৈৰাবাৰী,ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here