মৈৰাবাৰী ভেলৌগুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ ড্ৰাগছ সৰবৰাহকাৰীক

0
86

মৈৰাবাৰী ভেলৌগুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ ড্ৰাগছ সৰবৰাহকাৰীক

নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাংভাৱে আনিছিল ড্ৰাগছ

আমাৰ সময়ঃ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে ইটোৰ পিছত সিটো অভিযান । মৰিগাঁও জিলাৰ ভেলৌগুৰি থানাৰ আৰক্ষীৰ অভিযানত হাঁহচৰা গাঁৱৰ জাকীৰ হুছেইনৰ ঘৰৰ পৰা ৫০টা কন্টেইনাৰসহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী । জাকীৰ হুছেইনে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাংভাৱে ড্ৰাগছ আনি হাঁহচৰা গাঁৱত থকা নিজৰ ঘৰৰপৰাই চলাইছিল ড্ৰাগছৰ ব্যৱসায় । দীৰ্ঘদিন ধৰি অভিযোগ থকা এইজন কুখ্যাত ব্যৱসায়ীক অৱশেষত আজি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । জাকিৰ হুছেইনৰ ঘৰৰ পৰা উদ্ধাৰ হয় এক বুজন পৰিমাণৰ ড্ৰাগছ সামগ্ৰীৰ লগতে এটা ম’বাইল ।
আনহাতে আৰক্ষীয়ে জব্দ কৰে নগদ ধন ৫,৪৬০টকা । আৰক্ষীয়ে জাকিৰ হুছেইনৰ ঘৰৰ পৰা জব্দ কৰে ৪৩খন SIM । আৰক্ষীয়ে জাকিৰ হুছেইনৰ লগতে বিমলা খাতুন আৰু আজিজুল হকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তিনিওকে প্ৰেৰণ কৰে মৰিগাঁও সদৰ থানালৈ ।

মৈৰাবাৰী,ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here