মৈৰাবাৰী প্ৰেছ ক্লাবে উদ্ধাৰ কৰিলে অসহায় বৃদ্ধক

0
71

মৈৰাবাৰী প্ৰেছ ক্লাবে উদ্ধাৰ কৰিলে অসহায় বৃদ্ধক

বয়োজ্যেষ্ঠৰ আশ্ৰমলৈ প্ৰেৰণ অসহায় লোকজনক

আমাৰ সময়ঃ  দীৰ্ঘদিন ধৰি মৈৰাবাৰী বজাৰত দুৰ্বিষহ জীৱন কটাইছিল লোকজনে |অৱশেষত উদ্ধাৰ হ’ল লোকজন |কাল কৰ’ণাই অস্বাভাৱিক কৰি তুলিছে জনজীৱন । এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে বহুজনে । তেনে সময়তে যোৱা বৃহস্পতিবাৰে |মৈৰাবাৰী প্ৰেছ ক্লাবৰ এদল সাংবাদিকে মৈৰাবাৰী বজাৰৰ পৰা উদ্ধাৰ কৰে এজন অসহায় বৃদ্ধ লোকক ।মৈৰাবাৰীৰ বজাৰৰ এক কদৰ্যময় পৰিৱেশৰ মাজৰ উদ্ধাৰ কৰে লোকজনক ।
বিগত কিছু দিন ধৰি এই ঠাইতে অসহায়ভাবে থকা লোকজনক প্ৰত্যক্ষ কৰি মৈৰাবাৰী প্ৰেছ ক্লাবৰ এদল সাংবাদিকে অৱশেষত উদ্ধাৰ কৰে লোকজনক ।অতি অসহনীয় আৰু দুৰ্বিষহ জীৱন কটাই আছিল বৃদ্ধ লোকজনে । কিন্তু কোনেও আগবাঢ়ি অহা নাছিল সহায়ৰ বাবে । অৱশেষত মৈৰাবাৰীৰ সাংবাদিকে উদ্ধাৰ কৰি মৈৰাবাৰীস্থিত বয়োজ্যেষ্ঠৰ আশ্ৰমৰ কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছত লোকজনক আশ্ৰমলৈ প্ৰেৰণ কৰা হয় । আনহাতে এনে দুৰ্যোগৰ সময়ত তেনেদৰে কোনো লোকক পথত দেখিলে আশ্ৰমত খবৰ দিবলৈ অনুৰোধ জনায় ।

মৈৰাবাৰী, ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here