হোজাইত মৰেল পুলিচগিৰিৰ ঘটনা

0
74

হোজাইত মৰেল পুলিচগিৰিৰ ঘটনা

আমাৰ সময়ঃ হোজাই জিলাৰ শংকৰদেৱ নগৰৰ এচিবি কলনীত নাভূত-নাশ্ৰুত ঘটনা । এগৰাকী ৬০ বছৰৰ উৰ্দ্ধৰ বৃদ্ধাৰ ওপৰত কৰ্তব্যৰত চিকিউৰিটি গাৰ্ডে কৰিলে প্ৰহাৰ । এই ঘটনা সংঘটিত হৈছে শংকৰদেৱ নগৰৰ ইলেক্টিক চিটিত । বৃদ্ধাগৰাকীক প্ৰহাৰ কৰা চিকিউৰিটি দুজনৰ নাম ক্ৰমে ৰাজীৱ মেধি আৰু গৌতম দাস | ASEB কলনীৰ ভিতৰত এটি গৰু সোমোৱাক লৈ সংঘটিত হৈছে এই ঘটনা। শুকৃতি মালাকাৰ নামৰ এগৰাকী বৃদ্বাক আক্ৰমণ কৰে এই দুই চিকিউৰিটি গাৰ্ডে । ঘটনা সন্দৰ্ভত বৃদ্ধাগৰাকীৰ পৰিয়ালে শংকৰদেৱ নগৰ আৰক্ষী চকীত ৰুজু কৰে এক গোচৰ । আৰু সেই গোচৰৰ ভিত্তিত আৰক্ষীয়ে দুই চিকিউৰিটি গাৰ্ডক কৰায়ত্ত কৰে বুলি জানিব পৰা যায় ।

ব্যুৰো ৰিপৰ্ট, আমাৰ সময়

LEAVE A REPLY

Please enter your comment!
Please enter your name here