লোচনাবড়ী গাঁও পঞ্চায়তত ভয়ংকৰ দুৰ্নীতি

0
112

লোচনাবড়ী গাঁও পঞ্চায়তত ভয়ংকৰ দুৰ্নীতি

আমাৰ সময়ঃ কৈ কৈ ওৰকে নপৰে দুৰ্নীতিৰ কথা । সকলো ক্ষেত্ৰতে ঠাই পায় দুৰ্নীতিয়ে । এইবাৰ দুৰ্নীতি সংঘটিত হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত লোচনাবড়ীৰ ভেলোবৰীত ।
ঠাইখনৰ হাফিজীয়া মাদ্ৰাছা কবৰস্থানৰ আন্তঃগাঁথনিৰ কামৰ নমুনা দেখিলে আপোনাৰো চকু কপালত উঠিব ।

ব্যাপক অনিয়মৰ মাজেৰে কাম সম্পন্ন কৰাৰ অভিযোগ অঞ্চলবাসীৰ । পাঁচ লাখ টকাৰ কামত দুৰ্নীতি কৰি সম্পত্তিৰ পাহাৰ গঢ়িব বিচৰা পঞ্চায়তখনৰ সভাপতি দিলদাৰ হুছেইনে মাত্ৰ ৬০,০০০ টকাৰ কাম কৰি বাকী থকা ধন আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ।
ৰাইজৰ অভিযোগৰ পাছত প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াহে হ’ব লক্ষণীয় ।

মৈৰাবাৰী,ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here