মূল্যবৃদ্ধি ৰোধৰ বাবে মৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী

0
107

মূল্যবৃদ্ধি ৰোধৰ বাবে মৰিগাঁৱত প্ৰতিবাদী কাৰ্যসূচী

মৰিগাঁও জিলা সদৰ ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদ

আমাৰ সময়ঃ ৰাজ্যবাসীক কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে স্তব্ধিত কৰাৰ সমান্তৰালকৈ মূল্যবৃদ্ধিয়ে এতিয়া হাঁহি কাঢ়ি নিছে সাধাৰণ জনতাৰ । দিনক দিনে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ।
প্ৰতিটো বস্তুৰে যেন দাম শুনি চকু কপালত উঠাৰ উপক্ৰম ৰাইজৰ । অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । মূল্যবৃদ্ধি ৰোধৰ দাবী জনায় ৰাজ্যৰ প্রান্তে প্রান্তে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ । আজি মৰিগাঁৱতো দেখা গ’ল মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদ ।
আজি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ পৰা চাইকেলেৰে এটি সমদল ওলাই সাব্যস্ত কৰে প্ৰতিবাদ ।

আজিৰ এই প্ৰতিবাদী কার্যসূচীত অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি উৎপল শৰ্মা, সাংগঠনিক সম্পাদক নৱ কুমাৰ নাথ, জিলা ছাত্র সন্থাৰ সভাপতি দিপুল কুমাৰ নাথৰ লগতে জিলাখনৰ অন্যান্য বিষয়ববীয়াসকল । হাতে-হাতে প্লে-কাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীৰে উত্তাল কৰি তোলে মৰিগাঁৱৰ ৰাজপথ । প্ৰতিবাদৰ অন্তত কেন্দ্ৰীয় উপ সভাপতি উৎপল শৰ্মা আৰু জিলা সভাপতি দিপুল কুমাৰ নাথে সাংবাদিকৰ আগত এক মন্তব্য আগবঢ়ায়।

মৰিগাঁও,পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here