প্ৰধান শিক্ষকৰ কৰ্মকাণ্ডত অতিষ্ঠ সৰ্বসাধাৰণ // প্ৰৱঞ্চনাৰ বলি হৈছে নগাঁৱৰ মেলেকাধিংবাসী

0
132

প্ৰধান শিক্ষকৰ কৰ্মকাণ্ডত অতিষ্ঠ সৰ্বসাধাৰণ

প্ৰধান শিক্ষকৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ

প্ৰৱঞ্চনাৰ বলি হৈছে নগাঁৱৰ মেলেকাধিংবাসী

আমাৰ সময়ঃ নগাঁৱত প্ৰধান শিক্ষকৰ আচৰিত কাণ্ড । ঠগ-প্ৰৱঞ্চনাৰে বছৰ-বছৰ ধৰি অঞ্চলবাসীক ৰাম ঠগন দিয়াৰ অভিযোগ অঞ্চলবাসীৰ । প্ৰধান শিক্ষকৰ বিৰুদ্ধে গঞা ৰাইজৰ প্ৰতিবাদ । নগাঁও জিলাৰ জুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম মুকুন্দআটি এল,পি স্কুলৰ প্ৰধান শিক্ষক আব্দুল ওৱাহিদ ফাৰুকীৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ । শিক্ষকৰ দৰে পবিত্র বৃত্তিত জড়িত যদিও ছাৰৰ কৰ্ম কাণ্ডই চকু কপালত তুলিব । প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰাৰ গুণ আছে প্ৰধান শিক্ষকজনৰ । ঠগ-প্ৰৱঞ্চনাৰ দৰে একাধিক গুৰুতৰ অভিযোগ উখাপন কৰি শনিবাৰে বৃহত্তৰ মেলেকাধিং অঞ্চলৰ শতাধিক ৰাইজে প্ৰৱঞ্চক প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হয় ।

 

অভিযোগ অনুসৰি প্ৰধান শিক্ষকে বছৰ – বছৰ ধৰি অঞ্চলটোৰ বহু লোকৰ পৰাই ঠগ-প্ৰৱঞ্চনাৰে সৰকালে লাখ লাখ টকা । কাৰোবাক যদি বেংকৰ পৰা লোন দিয়াৰ নামত সৰকালে লক্ষাধিক টকা, আন কাৰোবাক আকৌ অন্য প্ৰলোভনেৰে সৰকালে লাখ লাখ টকা । উপায়ন্তৰ হৈ গঞা ৰাইজে প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ জৰিয়তে নগাঁও জিলা প্ৰশাসনক প্ৰধান শিক্ষক আব্দুল ওৱাহিদ ফাৰুকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই ।

বটদ্ৰৱা,কৌশিক ফুকন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here