পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি // এই দুৰ্নীতি সংঘটিত হৈছে ধৰ্মপুৰত

0
119

পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি // এই দুৰ্নীতি সংঘটিত হৈছে ধৰ্মপুৰত

আমাৰ সময়ঃ অসম মালা আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বাট-পথ উন্নয়নত অধিক গুৰুত্ব আৰোপ কৰাৰ সময়তে নলবাৰী জিলাৰ কৈঠালকুছিত পথ নিৰ্মাণত হোৱা দূৰ্নীতিৰ বাবে দুৰ্ভোগ ভূগিবলগীয়া হৈছে সাধাৰণ ৰাইজে । অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টি ৬১ নং ধৰ্মপুৰত পথ নিৰ্মাণত ব্যাপক দূৰ্নীতি হোৱাৰ অভিযোগ ৰাইজৰ ।

৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ ৩৫ নং পশ্চিম ধৰ্মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কৈঠালকুছি গাঁৱৰ কলিতাপাৰা চুবুৰীৰ মাজেৰে যোৱা পথটোৰ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতিৰ অভিযোগ তোলে কলিতাপাৰা চুবুৰীৰ ৰাইজে । চতুৰ্দশ বিত্তীয় বৰ্ষৰ অধীনত প্ৰায় ৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰায় ১ কি:মি: দৈৰ্ঘ্যৰ পথটোৰ প্ৰায় ২০০ মিটাৰ ঠাইত কোনোধৰণৰ মাটি, বালি আৰু শিল নিদিয়াৰ অভিযোগ উঠিছে । ঠিকাদাৰৰ মইমতালিত এতিয়া সাধাৰণ জনতাই দুৰ্ভোগ ভূগিবলগীয়া হৈছে । এই ক্ষেত্ৰত ৩৫ নং পশ্চিম ধৰ্মপুৰ গাঁও পঞ্চায়তৰ সভাপতি সূভাষ বৰ্মন আৰু উক্ত কামৰ ঠিকা লাভ কৰা ঠিকাদাৰ দিগন্ত শৰ্মাৰ বিৰুদ্ধে ৰাইজে দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ।

নলবাৰী,ধীৰাজ তালুকদাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here