দুৰ্ঘটনাগ্ৰস্ত ৰোগীৰ চিকিৎসাৰ বাবে নাই সু-ব্যৱস্থা

0
67

দুৰ্ঘটনাগ্ৰস্ত ৰোগীৰ চিকিৎসাৰ বাবে নাই সু-ব্যৱস্থা

বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই ঘটনা

আমাৰ সময়ঃ স্বাস্থ্য কেন্দ্ৰৰ ফোঁপোলা স্বৰূপ । ৰোগীক হাস্পতাললৈ আনিও নাপায় চিকিৎসকৰ সঁহাৰি । বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত খাৰুৱাত সোনেশ্বৰ ৰাজবংশী নামৰ এগৰাকী লোক এন্ধাৰত উজুটি খাই পৰাৰ পাছত যথেষ্ট ৰক্তক্ষৰণ হোৱাত বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনিবলৈ যো-জা চলাই । স্বাস্থ্য কেন্দ্ৰলৈ নিয়াৰ বাবে মৃত্যুঞ্জয় সেৱাৰ সৈতে কেইবাবাৰো যোগাযোগ কৰি ব্যৰ্থ হৈ পৰাৰ অন্তত ই-ৰিক্সাৰে স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে ৰোগীজনক ।

পিছে কোনোমতে স্বাস্থ্য কেন্দ্ৰলৈ লৈ অনাৰ পাছতো ৰোগীজনে নাপালে চিকিৎসকৰ সঁহাৰি ।
স্বাস্থ্য কেন্দ্ৰত সেই সময়ত কৰ্মৰত চিকিৎসক প্ৰণৱ শৰ্মাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰোগীজনক প্ৰথমে একো পৰীক্ষা নকৰাকৈ অন্য চিকিৎসালয়লৈ নিবলৈ দিয়াৰ অভিযোগ উত্থাপন ৰোগীৰ আত্মীয়ৰ । পাছত ৰোগীৰ আত্মীয়ই জোৰ কৰাতহে এটি ইঞ্জেকচন দিয়ে বুলি জানিব পৰা যায় । উন্নত চিকিৎসাৰ বাবে নলবাৰীলৈ ৰোগীজনক নিবলৈ নাই কোনো এম্বুলেঞ্চ সেৱা । প্ৰায় ডেৰ ঘন্টা পলমকৈ ৰোগীৰ আত্মীয়ই গাড়ী এখন যোগাৰ কৰি ৰোগীজনক নলবাৰীলৈ নিয়াৰ ব্যৱস্থা কৰে । বৰমাৰ ৰাইজৰ ভৰষাৰ চিকিৎসা কেন্দ্ৰটোত হোৱা এনে সমস্যাৰ কথা বিৱৰি দুখ প্ৰকাশ কৰে ৰোগীৰ আত্মীয়ই ।

নলবাৰী, ধীৰাজ তালুকদাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here