পশ্চিম নলবাৰী প্রেছ ক্লাৱ, চামতাৰ চতুর্দ্দশ দ্বি-বার্ষিক অধিৱেশন সম্পন্ন

0
78

পশ্চিম নলবাৰী প্রেছ ক্লাৱ, চামতাৰ চতুর্দ্দশ দ্বি-বার্ষিক অধিৱেশন সম্পন্ন

আমাৰ সময়ঃ নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ, চামতাৰ সংগীত নাটক একাডেমি বঁটা প্ৰাপক মোহন ভাইৰা সোঁৱৰণি কাৰ্যালয় গৃহত চতুর্দ্দশ দ্বি — বার্ষিক অধিবেশন সম্পন্ন হয় । দেওবাৰে ক’ভিড প্ৰট’কল মানি দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয় এই অধিৱেশন ।এই অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ প্রস্তুতিকৰণৰ পাছতে পতাকা উত্তোলন কৰে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি গণেশ বর্মনে । ছহিদ তর্পন আৰু বন্তি প্রজ্বলন কৰে ক্ৰমে সাংবাদিক দ্বীপেন মেনা আৰু প্ৰদীপ কুমাৰ বৰ্মণে ।

ইয়াৰ পিছতে গছপুলি ৰোপণ কৰে শিক্ষক তথা প্ৰকৃতিপ্ৰেমী ভূপেন কুমাৰ দাস আৰু বিশিষ্ট চিত্রশিল্পী তথা নাট্যকাৰ বিনয় শৰ্মাই । ইয়াৰ পাছতে প্রতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয় । দুপৰীয়া গনেশ বৰ্মণৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি অধিৱেশন । ৰাজেন বেশ্যই আঁতধৰা সভাখন উদ্বোধন কৰে প্রবীন সাংবাদিক তথা অৱসৰ প্রাপ্ত কৃতী প্রধান শিক্ষক ৰমণী বৰ্মণে ।

উক্ত সভাত প্রবীণ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী এম হাচান আলি, জ্যেষ্ঠ শিক্ষক চক্ৰধৰ ডেকা আদি কেবাজনেও অংশ লয় । উক্ত সভাত কেবাগৰাকীও বিশিষ্ট ব্যক্তিক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । সভাত পুৰনি সমিতিখন ভংগ কৰি আগন্তুক দুবছৰৰ বাবে গণেশ বৰ্মনক সভাপতি, ৰাজেন বৈশ্যক কাৰ্যকৰী সভাপতি আৰু প্ৰদীপ কুমাৰ বৰ্মনক সম্পাদক হিচাপে লৈ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ, চামতাৰ ১৬ জনীয়া নতুন সমিতি গঠন কৰা হয় ।

নলবাৰী, ধীৰাজ তালুকদাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here