জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে আজিজুল/প্ৰয়োজন মাথোঁ আৰ্থিক সহায়ৰ

0
101

মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱৰ আৰ্থিকভাৱে দুৰ্বল এটি পৰিয়ালৰ কৰুণ কাহিনী

জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে আজিজুল

আমাৰ সময়ঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱৰ এটি পৰিয়ালৰ কৰুণ কাহিনী । যৌৱনকালৰ আৰম্ভণিতেই অমানিশা নামি আহিল আজিজুলৰ জীৱনলৈ । আজিজুলৰ হৈছে কঁকাল টিউমাৰ। প্ৰয়োজন উন্নত চিকিৎসাৰ । আৰ্থিক অনাটনে জুৰুলা কৰা পৰিয়ালটোক প্ৰয়োজন মাথোঁ অকণমান সহায়ৰ । কিয়নো উন্নত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটিৰ হাতত নাই মোটা ধন । তেওঁক চিকিৎসা কৰিবলৈ অপাৰগ পিতৃ-মাতৃ তথা পৰিয়াল । যি সা-সম্পত্তি আছিল তাকো বিক্ৰী কৰি দিশহাৰা হৈ পৰিছে পৰিয়ালটি । আনহাতে তেওঁৰ পৰিয়াল বুলিবলৈ আছে মাত্ৰ ঘৈণীয়েক আৰু কণমানি পুত্ৰ সন্তানৰ লগতে পিতৃ-মাতৃ।
এই দুৰ্ভগীয়া পৰিয়ালটিৰ মুখলৈ হাঁহি আনিব পাৰে আপোনাৰ অকণমান সহায়ে । যদিহে আপুনি সহায়ৰ হাত আগবঢ়াব বিচাৰিছে ,তেন্তে যোগাযোগ কৰক এই নম্বৰত- 9401466534 / নতুবা আপুনি আৰ্থিক সহায় আগবঢ়াব পাৰে একাউণ্ট নম্বৰত । একাউণ্ট নম্বৰটিৰ সবিশেষ –
SBI Bank
Brance-Dhing
একাউন্ট নম্বৰ 35113903993
IFSC: SBIN0002050

মৈৰাবাৰী,ইকবাল হুছেইন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here