পশ্চিম নলবাৰীৰ পিপলীবাৰীৰ এটা পৰিয়ালৰ কৰুণ গাঁথা

0
156

পশ্চিম নলবাৰীৰ পিপলীবাৰীৰ এটা পৰিয়ালৰ কৰুণ গাঁথা

বিশেষভাৱে সক্ষম দুই পুত্ৰক লৈ চিন্তিত পিতৃ-মাতৃ

আমাৰ সময়ঃ পশ্চিম নলবাৰীৰ পিপলীবাৰীৰ বিশেষভাৱে সক্ষম দুই পুত্ৰ সন্তানক লৈ চিন্তান্বিত পিতৃ-মাতৃ ।দুই পুত্ৰই খেল-ধেমালীৰ মাজেৰে শৈশৱৰ জীৱনটো অতিবাহিত কৰাৰ সময়তে তেওঁলোকৰ জীৱনলৈ নামি আহিল বন্দীত্ব । কাৰণ তেওঁলোক বিশেষভাৱে সক্ষম । নলবাৰী জিলাৰ পিপলীবাৰীৰ ভদ্ৰেশ্বৰী চুবুৰীৰ উমেশ দাস আৰু নমিতা দাসৰ দুই পুত্ৰ দ্বিপন দাস আৰু হৃদয়ৰঞ্জন দাস জন্মৰ পৰাই বিশেষভাৱে সক্ষম । ১৬ বছৰীয়া দ্বিপন দাস আৰু ১১ বছৰীয়া হৃদয়ৰঞ্জন দাসক লৈ এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে অশেষ কষ্টকৰ জীৱন-যাপন কৰিবলগীয়া হৈছে ।

পৰিয়ালটোৰ মাটি-সম্পত্তি তথা মাতৃৰ গহনা বিক্ৰী কৰি পোৱা টকাৰে বিশেষভাৱে সক্ষম ল’ৰা দুজনৰ চিকিৎসা গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালত কৰিছিল যদিও এই চিকিৎসা যথেষ্ট ব্যয়বহুল হোৱাত বৰ্তমান টকাৰ অভাৱত দৰিদ্ৰ পৰিয়ালটোৱে কৰিব পৰা নাই সু-চিকিৎসা । এতিয়া থকা ঘৰটোৰ বাদে সম্পত্তি বুলিবলৈ পৰিয়ালটোৰ হাতত আন একো নাই স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীৰো সহায় কৰিবলৈ যেন আহৰি নাই । দিন হাজিৰা কৰা পিতৃয়ে এতিয়া পৰিয়ালটো পোহপাল দিবলৈ যথেষ্ট চিন্তিত হৈ পৰিছে । দুই পুত্ৰৰ চিকিৎসাৰ বাবে পৰিয়ালটোক এতিয়া আৰ্থিক সহায়ৰ প্ৰয়োজন । দ্বিপন আৰু হৃদয়ৰঞ্জনৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাৰ বাবে পিতৃ-মাতৃৰ লগতে ওচৰ চুবুৰীয়াই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক অনুৰোধ জনাইছে । যদি কোনো সহৃদয় লোকে এই পৰিয়ালটোক আৰ্থিক সহায় আগবঢ়াব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকৰ পিপলীবাৰী শাখাৰ A/c no:- 32035066191 IFSC SBIN0009577 নম্বৰত আৰ্থিক সহায় আগবঢ়াব পাৰে অথবা যোগাযোগ কৰিব পাৰে 6002462088 ফোন নম্বৰত ।

নলবাৰী,ধীৰাজ তালুকদাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here