এবছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত আলিফা//আৰ্থিক সহায় বিচাৰিছে পৰিয়ালৰ লোকে

0
175

দুৰাৰোগ্য ৰোগত আক্ৰান্ত আলিফা
আৰ্থিক সহায় বিচাৰিছে পৰিয়ালৰ লোকে

আমাৰ সময়ঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ভাংনামাৰী গাঁৱৰ ছাইদুৰ ৰহামানৰ কন্যা আলিফা খাতুন আক্ৰান্ত দুৰাৰোগ্য ৰোগত। আলিফা খাতুন হাউলীৰ বি এইচ কলেজৰ দৰ্শন বিভাগৰ ছাত্ৰী। যোৱা এবছৰ ধৰি ছাত্ৰীগৰাকী আক্ৰান্ত হৈ আছে দুৰাৰোগ্য ৰোগত । সম্প্ৰতি তাইৰ অৱস্থা খুবেই সংকটজনক ।  দৰিদ্ৰতাক নেওচি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈছিল ছাত্ৰীগৰাকী । ছাত্ৰীগৰাকীয়ে ষ্টাৰ মাৰ্কসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত । এনে এগৰাকী দৰিদ্ৰ পৰিয়ালৰ কৃতি ছাত্ৰীৰ ভৱিষ্যত জীৱন পোহৰ কৰিবলৈ এতিয়া মাথোঁ প্ৰয়োজন অকণমান সহায়ৰ ।

প্ৰয়োজন তাইৰ উন্নত চিকিৎসাৰ । পৰিয়ালৰ আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ হেতু উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাই পৰিয়ালৰ লোকে। আপোনাৰ অকণমান সহায়ে আলিফা খাতুনক পুনৰ সুস্থ কৰি তোলাত অৰিহণা যোগাব পাৰে । উপায়হীন হৈ আলিফা খাতুনৰ সু-চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰিছে পৰিয়ালৰ লোকে । আৰ্থিক সহায় বিচাৰি এটা বেংক একাউণ্ট নম্বৰো দিছে পৰিয়ালৰ লোকে-
A/C No – 3968129003
Account Holder-Saddam Hussain
IFSC- CBIN0282511
PH-7896108431
যোগাযোগ নম্বৰ:- ৮০১১৪৭৮০৪৯/ ৬০০০৯৭৯০০৮

চিৰাং, ৰুহুল আমিন |

LEAVE A REPLY

Please enter your comment!
Please enter your name here