সন্ধিয়া হোৱাৰ লগে লগে নিজ বাসগৃহৰ পৰিৱৰ্তে আশ্ৰয় লয় টঙি ঘৰত

0
69

সন্ধিয়া হোৱাৰ লগে লগে নিজ বাসগৃহৰ পৰিৱৰ্তে আশ্ৰয় লয় টঙি ঘৰত

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ নুমলীগড়ৰ এখন বিশেষ গাঁও

আমাৰ সময়ঃ  নুমলীগড়ৰ এখন বিশেষ গাঁও । নুমলীগড়ৰ বৰমহৰি পথাৰ গাঁৱৰ দৃশ্য এইয়া । প্ৰকৃতিৰ ৰম্যভূমি অথচ ভিন্ন সমস্যাৰে জৰ্জৰিত গাঁওখনৰ লোকসকল । বোকাখাত সমষ্টিৰ অন্তৰ্গত এই গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ বাসগৃহৰ লগতে লাগি আছে একোটাকৈ টঙি ঘৰ। গাঁওখনত প্ৰায় ৪৫ ঘৰ লোক আছে আৰু ইয়াৰে অধিকাংশ লোকে নিৰ্মাণ কৰি লৈছে টঙিঘৰ ।বন্য জীৱ-জন্তুৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ এই উপায় অৱলম্বন গাঁওবাসীৰ ।অঞ্চলটোত প্ৰতি নিশাই উপদ্ৰৱ চলাই বন্যহস্তীয়ে । সেয়েহে সন্ধিয়া ৬ বজাৰ লগে লগে প্ৰাণ ৰক্ষাৰ বাবে আশ্ৰয় লয় টঙি ঘৰত । এইয়া তেওঁলোকৰ বাবে নিত্য নৈমিত্তিক ঘটনা । ভিন্ন সমস্যাৰে জৰ্জৰিত গাঁওখনত বিশুদ্ধ খোৱাপানীৰো নাই কোনো সুব্যৱস্থা । প্ৰকৃতিৰ বুকুৰ পৰা সংগ্ৰহ কৰে খোৱা পানী ।
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই গাঁওখন কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ অন্তৰ্গত ।গাঁওখনৰ প্ৰতিটো টঙি ঘৰত বিজুলী বাতিৰ সংযোগ স্থাপনৰ বাবে আহ্বান গাঁওবাসীৰ ।

নুমলীগড়, জানমনি দত্ত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here