মৰিগাঁৱত মুকলি হ’ল PCV কেন্দ্ৰ

0
38

মৰিগাঁৱত মুকলি হ’ল PCV কেন্দ্ৰ

মৰিগাঁৱৰ কনকলতা প্ৰাথমিক বিদ্যালয়ত মুকলি এই কেন্দ্ৰ

জন্মৰ প্ৰায় ডেৰ মাহৰ পৰা ন মাহলৈ সকলো শিশুকে প্ৰদান কৰা হ’ব ভেকচিন

আমাৰ সময়ঃ মৰিগাঁও জিলা প্ৰশাসন, জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত আজি মৰিগাঁও জিলা কনকলতা প্ৰাথমিক বিদ্যালয়ত মুকলি কৰা হ’ল PCV কেন্দ্ৰ । জন্মৰ প্ৰায় ডেৰ মাহৰ পৰা ন মাহলৈ সকলো শিশুকে আজিৰে পৰা প্ৰদান কৰা হ’ব ভেকচিন । জন্মৰ পিছতে নিউমো’নিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা পৰিলক্ষিত হয় বহু শিশু । সেয়েহে সেই ৰোগৰ পৰা যাতে শিশু সকলক ৰক্ষা কৰিব পাৰি তাৰ বাবে আজি সমগ্ৰ অসমতে এই টিকাকৰণ ব্যৱস্থা কৰা হৈছে ।

সেয়েহে মৰিগাঁৱত আজি টিকাকৰণ কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।লগতে উপস্থিত থাকে জিলা উপায়ুক্ত সীমাৰেখা ভূঞা , মৰিগাঁও স্বাস্থ্য বিভাগৰ সন্মনীয় বিষয়াসকল ।

মৰিগাঁও,পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here