৪ বছৰীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি/শাৰীৰিক নিৰ্যাতন চলাই যুৱতীক অপদস্থ

0
245

৪ বছৰীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি

শাৰীৰিক নিৰ্যাতন চলাই যুৱতীক অপদস্থ

আমাৰ সময়ঃ ৪ বছৰ জোৰা প্ৰেমৰ অন্তত ভয়ংকৰ ৰূপ । প্ৰেমিকে শাৰীৰিক নির্যাতন চলাই প্রাণে মৰাৰ ভাবুকি দিয়ে প্ৰেমিকাক । এই ঘটনা ৬ তাৰিখৰ ।মঙলদৈৰ নিকটৱৰ্তী মোৱামাৰী গাঁৱৰ ঘটনা এইয়া।
ঘটনাৰ বিৱৰণী অনুসৰি বিগত কেইবা বছৰ ধৰি পাপু দাস নামৰ প্ৰৱঞ্চকে প্ৰবঞ্চনা কৰি আহিছিল ভুক্তভোগী যুৱতীগৰাকীক । বিবাহ পাশত আৱদ্ধ হোৱাৰ মিছা আশা দি যুৱতীগৰাকীৰ সৈতে গঢ়ি তুলিছিল প্ৰেমৰ সম্পৰ্ক ।
অৱশেষত ওলাই পৰিল উৰহী গছৰ ওৰ |
ভুক্তভোগী যুৱতীগৰাকীয়ে জনোৱা অনুসৰি খুড়াকৰ ঘৰৰ গাতে লাগি থকা পেহীয়েকৰ ঘৰলৈ যোৱাৰ সময়তে পথাৰৰ মাজলৈ টানি নিয়ে যুৱতীগৰাকীক । পাপু দাস নামৰ এইজন ভণ্ড প্ৰেমিকে নিশাৰ আন্ধাৰৰ সুযোগ লৈ পথাৰৰ মাজত শাৰীৰিকভাৱে অপদস্থ কৰে যুৱতীগৰাকীক । ওচৰৰ মানুহক মাতিব লওঁতে মুখত খোপা দিয়ে আৰু প্রাণে মৰাৰ ভাবুকি প্ৰদান কৰে ভুক্তভোগী যুৱতীক । কিছু সময়ৰ পিছত খুৰাকে খেদি যোৱাত পলায়ন কৰে পাপু দাস নামৰ ভণ্ড প্ৰেমিকজন ।
আনহাতে এই ঘটনাৰ পিছত পাপু দাসে ভুক্তভোগী যুৱতীগৰাকীৰ সৈতে কোনো সম্পৰ্ক নাই বুলি কোৱাৰ অভিযোগ তোলে যুৱতীগৰাকীয়ে । উপায়হীন হৈ প্ৰেমিকা পালেগৈ মঙ্গলদৈৰ সদৰ থানা। আৰু এজাহাৰ দাখিল কৰিলে প্ৰেমিকৰ ওপৰত।এই ঘটনাৰ পিছতে ভাগি পৰে ভুক্তভুগি যুৱতীৰ পিতৃ ।

Mahin Ali,Darrang

LEAVE A REPLY

Please enter your comment!
Please enter your name here