ঐতিহ্যমণ্ডিত বহৰি সত্ৰক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰিকাৰ

0
124

ঐতিহ্যমণ্ডিত বহৰি সত্ৰক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰিকাৰ

আমাৰ সময়ঃ আজি বৰপেটাত উপস্থিত হয় জল সম্পদ মন্ত্ৰী পিযুষ হাজৰিকা । বৰপেটা জিলাৰ বহৰিত ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা ব্যাপক খহনীয়া পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী গৰাকীয়ে প্ৰথমে বহৰি সত্ৰত সেৱা জনাই সত্ৰ চৌহদত এটা গছপুলি ৰোপন কৰে। ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই অঞ্চলটোৰ লগতে মহাপুৰুষ হৰিদেৱৰ দ্বাৰা স্থাপিত ঐতিহাসিক সত্ৰখনৰ প্ৰতি সৃষ্টি কৰা ভাবুকি প্ৰত্যক্ষ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । ঐতিহ্যমণ্ডিত সত্ৰখনক যিকোনো উপায়ে ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পিযুষ হাজৰিকাই ।
প্ৰথম পৰ্যায়ত সত্ৰৰ কাষৰ এক-ডেৰ কিলোমিটাৰ অঞ্চলত জিঅ’ বেগেৰে সুৰক্ষাৰ ব্যৱস্থা লোৱা হ’ব। তাৰ লগে লগে উজনিৰ দিশে পাৰ্কুপাইন দি নৈখনৰ গতি সলনিৰো প্ৰয়াস চলোৱা হ’ব বুলি জানিবলৈ দিয়ে । পৰ্যায়ক্ৰমে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰে।

মন্ত্ৰীগৰাকীয়ে নাৱত উঠি কিছুদূৰলৈ গৈ খহনীয়াৰ ভয়াবহতা প্ৰত্যক্ষ কৰে। এই পৰিদৰ্শন কালত তেখেতক সংগ দিয়ে চেঙা সমষ্টিৰ বিধায়ক‌ আশ্ৰাফুল হুছেইন, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, চেঙাৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ আৰু জলসম্পদ বিভাগৰ জেষ্ঠ বিষয়াসকলে । বহৰিৰ খহনীয়া পৰিদৰ্শনৰ পিছতে মন্ত্ৰীগৰাকীয়ে সৰভোগলৈ গৈ কালি মৃত্যু বৰণ কৰা বিজেপিৰ জিলা সভাপতি তথা অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক শংকৰ চন্দ্ৰ দাসৰ বাসগৃহলৈ গৈ পৰিয়াল বৰ্গক সাক্ষাৎ কৰাৰ লগতে মৃতকৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। তাৰ পিছতে তেওঁ পাঠশালালৈ গৈ অলপতে মৃত্যু মুখত পৰা বিশিষ্ট শিক্ষাবিদ তথা সমাজ কৰ্মী সম্পূৰ্ণানন্দ তালুকদাৰৰ ঘৰলৈ গৈ মৃতকৰ প্ৰতি শ্ৰদ্ধা জনায় ।

বৰপেটা, সেখ ৰহমত উল্লাহ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here