ৰাজীৱ পলে অসমীয়া বিষয়ত অসমৰ ভিতৰতে ১০০ নম্বৰ লাভ কৰিলে
আজি ঘোষিত হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। ফলাফল অনুসৰি, ৭২.৬৯ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় এই বৰ্ষত। ইয়াৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৯৪,৯১৩ গৰাকী শিক্ষাৰ্থী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১ লাখ ৪৮ হাজাৰ ৫৭৩ গৰাকী শিক্ষাৰ্থী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৫৮ হাজাৰ ৩৯৪ গৰাকী শিক্ষাৰ্থী। ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৭৪.৭১ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৭০.৯৬ শতাংশ।
ইয়াৰ মাজতে ৰাজীৱ পল নামৰ এজন ছাত্ৰই অসমীয়া বিষয়ত ১০০ নম্বৰৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। এই শিক্ষাৰ্থীজন লখিমপুৰৰ সোণাপুৰ পুখুৰীয়া হাইস্কুলৰ পৰীক্ষাৰ্থী ৰাজ্যৰ ভিতৰতে চতুৰ্থ স্থান অধিকাৰ কৰিছে ৰাজীৱ পলে। আৰু ৰাজীৱ পল এজন দৰিদ্ৰ ঘৰৰ ল’ৰা আছিল। তেওঁৰ দেউতাকে মাটিৰ চাকি, মোলা আদি বনাই ঘৰ খন পোহ পালন কৰিছিল। কেতিয়াবা সময় পালে দেউতাকক সহায় কৰি দিছিল ৰাজীৱ পলে।