খহি পৰিল ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীৰ দেৱাল

0
712

খহি পৰিল ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীৰ দেৱাল

আমাৰ সময়ঃ খহি পৰিল শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীৰ ৰক্ষাকৱচ স্বৰূপ সীমাৰ দেৱাল । ম্লান হৈ পৰিব নেকি ঐতিহাসিক ক্ষেত্ৰৰ সৌন্দৰ্য । ঐতিহাসিক শিৱদৌলকে ধৰি তিনিটাকৈ দৌলসহ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্বৰূপ শিৱসাগৰৰ এই বৰপুখুৰী ।  কিয়নো আজি কেইবাদিন ধৰি বৰপুখুৰীৰ পাৰত দুজোপাকৈ গছ বাগৰি পৰাৰ ফলত ভাগি পৰিল পুখুৰীৰ দেৱাল । আহৰি নাই বিভাগীয় কৰ্তৃপক্ষৰ । এনেদৰে পৰি ৰৈছে ভগ্নপ্ৰায় দেৱালৰ ওপৰত প্ৰকাণ্ড গছ। উল্লেখ্য যে শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত থকা যথেষ্ট সংখ্যক পুৰণি বৃহৎ বৃহৎ গছৰ ভৰ বহন কৰিব নোৱাৰাত মাজে-সময়ে এইদৰে পুখুৰীৰ পাৰত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত ভাবুকিৰ সৃষ্টি কৰিছে পুখুৰীটোৰ পাৰিপাৰ্শ্বিক পৰিৱেশলৈ ।
আনহাতে বৰ্তমানেও কেইবাজোপা প্ৰকাণ্ড গছ হাউলি থকা পৰিলক্ষিত হৈছে পুখুৰীটোৰ পাৰলৈ । বিভাগীয় লোকৰ নীৰৱ দৰ্শকৰ ভূমিকা দেখি সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনোৱা পৰিলক্ষিত হৈছে । আমাৰ হাতত স্থানীয় লোকৰ মন্তব্য আছে। এই মুহূৰ্তত আমি আপোলাকক শুনাব বিচাৰিছোঁ ।

শিৱসাগৰ, জিতুল খান

LEAVE A REPLY

Please enter your comment!
Please enter your name here