এতিয়াৰে পৰা সহজে ৰোধ কৰিব পৰা যাব গৰাখহনীয়া

0
171

এতিয়াৰে পৰা সহজে ৰোধ কৰিব পৰা যাব গৰাখহনীয়া

দিচাংমুখৰ অফলাত খহনীয়া ৰোধিবলৈ নতুন পদ্ধতিৰ পৰীক্ষণ

আমাৰ সময়ঃ সমাগত বাৰিষা কাল । আশংকাত নৈপৰীয়া ৰাইজ । বৃদ্ধি পাইছে গৰাখহনীয়া । দিচাংমুখৰ অফলাতো ব্ৰহ্মপুত্ৰৰ একেই ভয়াবহ ৰূপ । ইতিমধ্যে অফলাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গ’ল বিঘাই বিঘাই ভূমি। বৃহত্তৰ কোঁৱৰপুৰ মৌজাৰ লগতে শিৱসাগৰ চহৰলৈও ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই ।অৱশেষত ঐতিহাসিক দিচাংমুখৰ অফলাৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সাৰ পাইছে জলসম্পদ বিভাগ ।ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া ৰোধ কৰিবলৈ এটা নতুন পদ্ধতি পৰীক্ষামূলকভাবে আৰম্ভ কৰিছে বিভাগীয় অভিযন্ত্ৰাই ।
উল্লেখ্য যে বিগত সময়ছোৱাত জীয়াঢলৰ খহনীয়া ৰোধৰ বাবে পোন প্ৰথমে ব্যৱহাৰ কৰা হৈছিল ‘ইৰ’ছন শ্বিল’ পদ্ধতি । এইবাৰ এই পদ্ধতি ব্যৱহাৰ কৰি অফলাৰ লুইতৰ খহনীয়া প্ৰতিৰোধৰ প্ৰয়াস বিভাগটোৰ ।ফেনে-ফুটুকাৰে বাঢ়ি অহা মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী জলসম্পদ বিভাগ।

শিৱসাগৰ,জিতুল খান ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here