ধূলা হাই স্কুলত নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

0
233

ধূলা হাই স্কুলত নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী

ধূলা হাই স্কুলত শিক্ষাৰ অধিকাৰ আইন ২০০৯
অৱজ্ঞা কৰাৰ অভিযোগ
আমছুৰ ধূলা আঞ্চলিক সমিতিৰ উদ্যোগত দুঘণ্টীয় অৱস্থান ধৰ্মঘট

আমাৰ সময়ঃ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ ধূলা আঞ্চলিক সমিতিৰ উদ্যোগত ধূলা হাই স্কুল প্ৰাঙ্গণত দুঘণ্টীয় অৱস্থান ধৰ্মঘট । শিক্ষাৰ অধিকাৰ আইন ২০০৯ক অৱজ্ঞা কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ । নামভৰ্তিৰ বাবে বিদ্যালয় কতৃপক্ষই নীতি বহিৰ্ভূতভাৱে অনুষ্ঠিত কৰিছিল বাচনি পৰীক্ষা । যাৰ ফলত বহু ছাত্ৰ- ছাত্ৰী বঞ্চিত হৈছে বিদ্যালয়ত নামভৰ্তিৰ পৰা । একাংশ ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ পৰা বঞ্চিত কৰা কাৰ্যৰ বিৰুদ্ধে এই অৱস্থান ধৰ্মঘট ।

বিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ -ছাত্ৰীৰ নামভৰ্ত্তি সুনিশ্চিত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ । এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলা আমছুৰ সভাপতি মাহবুবুল আলম, সাধাৰণ সম্পাদক মইনুল হক, সহঃ সাধাৰণ সম্পাদক জাকিৰ হুছেইন, সাংগঠনিক সম্পাদক ছাহজাহান আলিৰ লগতে স্থানীয় লোকসকল আৰু বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল । অৱস্থান ধৰ্মঘটৰ অন্তত ধূলা মধ্য ইংৰাজী বিদ্যালয় আৰু ধূলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয়ক পৃথকে পৃথকে নিম্নলিখিত দাবী সম্বলিত এখনিকৈ স্মাৰক পত্ৰ প্ৰদান কৰে।
প্ৰতিবাদকাৰীৰ দাবীসমূহ এনেধৰণৰ
১) আবেদন কৰা প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সুনিশ্চিত কৰা।
২) শিক্ষাৰ অধিকাৰ আইন ২০০৯ অমান্য কৰি অনুষ্ঠিত কৰা বাছনি পৰীক্ষা বাতিল কৰা।
৩) ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা।
৪) ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ ব্যৱস্থা কৰা।

মহিন আলি, দৰং ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here