ব্ৰেইন টিউমাৰত আক্ৰান্ত কণমানি অচিন্ত্য বৰ্মন //

0
152

ব্ৰেইন টিউমাৰত আক্ৰান্ত কণমানি অচিন্ত্য বৰ্মন

অচিন্তক প্ৰয়োজন আৰ্থিক সহায়ৰ

আমাৰ সময়ঃ নলবাৰী জিলাৰ গামাৰিমুৰী গাঁৱৰ ওজাপাৰা চুবুৰীৰ নগেন বৰ্মন আৰু বিভা বৰ্মনৰ ১০ বছৰীয়া জ্যেষ্ঠ পুত্ৰ অচিন্ত্য বৰ্মন আক্ৰান্ত এক গুৰুতৰ ৰোগত । আজি প্ৰায় এবছৰ ধৰি ব্ৰেইন টিউমাৰত আক্ৰান্ত অচিন্ত । ১ নং কৈঠালকুছি প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত অচিন্ত্য বৰ্মনৰ পিতৃ এগৰাকী দিন হাজিৰা কৰা ব্যক্তি । যোৱা এবছৰ আগতে অচিন্ত্যৰ শৰীৰত নলবাৰী আসামৰিক চিকিৎসালয়ত ব্ৰেইন টিউমাৰ ৰোগৰ উপস্থিতি ধৰা পৰাৰ পিছত তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ স্থানান্তৰ কৰি প্ৰথমটো অপাৰেচন কৰা হৈছিল । যোৱা ১৫ মেত দ্বিতীয়টো অপাৰেচনৰ নিৰ্ধাৰিত তাৰিখ আছিল যদিও তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে আজি পৰ্যন্ত অচিন্ত্যৰ দ্বিতীয়টো অপাৰেচনৰ বাবে অচিন্তক চিকিৎসালয়লৈ নিবলৈ সক্ষম হোৱা নাই অচিন্তৰ পিতৃ-মাতৃ ।

এই ১০ বছৰীয়া কণমানি অচিন্ত্যক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন বহু টকাৰ । দিন হাজিৰা কৰা পিতৃৰ হাতত নাই পৰ্যাপ্ত ধন । অচিন্ত্যক সুস্থ কৰি তুলিবলৈ সহায় বিচাৰিছে পিতৃ-মাতৃয়ে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো সহায় বিচাৰি অনুৰোধ অচিন্তৰ পিতৃ-মাতৃৰ ।

আনহাতে যদিহে আন কোনো সহৃদয়বান লোকে সহায় আগবঢ়াব বিচাৰিছে, তেন্তে সহায় আগবঢ়াব পাৰে ।
তাৰ বাবে পিতৃৰ বেংক একাউন্টৰ সবিশেষ তথ্য হৈছে- অসম গ্ৰামীণ বিকাশ বেংক, কৈঠালকুছি শাখা
Account No- 7087010009158
IFSC – PUNB0RRBAGB অথবা যোগাযোগ কৰিব পাৰে 8099606379 এই ফোন নম্বৰত ।

নলবাৰীৰ,ধীৰাজ তালুকদাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here