তোমাৰ মৰমে মোৰ
দেহত তুলিলে ঢৌ
বুকুত দিলেযে মৌ
কি যে মিঠা মিঠা
মানুহৰ কথা কোৱা সেইজন দৰদী কণ্ঠশিল্পী ৰাণাদা আজি ৰাণাদাৰ জন্মদিন পুনৰ এবাৰ মনত পেলাও আহক চিৰসেউজ জয়ন্ত হাজৰিকাক
জয়ন্ত হাজৰিকাই ‘মোৰ মিনতি..’, ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ , ‘সোণাৰ বৰণ পাখীৰে তোৰ ‘, ‘জীৱনটো যদি অভিনয় হয়’ আদিকে ধৰি কেইবা সংখ্যক গীতত সুৰ প্ৰদান কৰিছিল। আজি ২০ ছেপ্তেম্বৰ। কণ্ঠশিল্পী, সুৰকাৰ প্ৰয়াত জয়ন্ত হাজৰিকাৰ জন্মদিন। অসমৰ সংগীত জগতত এক নতুন ধাৰাৰ সৃষ্টিৰে নিজৰ সুন্দৰ সংগীতেৰে অসমৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছিল জয়ন্ত হাজৰিকা। বৰ্তমানেও তেওঁ সৃষ্টি কৰি যোৱা বহুতো কালজয়ী গীত অসমৰ ৰাইজৰ মাজত প্ৰচলিত আৰু প্ৰিয়। জয়ন্ত হাজৰিকাই অসমীয়া লোক-সংগীত, শাস্ত্ৰীয় সংগীতৰ লগত পশ্চিমীয়া যন্ত্ৰসম্ভাৰৰ সংযোগেৰে এক নতুন ধ্বনিৰ সৃষ্টি কৰিছিল যি তেখেতৰ সংগীতৰ এক বিশেষ বৈশিষ্ট্য আছিল।
১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ৰাণাদাৰ জন্মদিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তেওঁৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হৈছে। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ভাতৃ তথা অসমীয়া সংগীতৰ এক উজ্জল নক্ষত্ৰস্বৰূপ জয়ন্ত হাজৰিকাৰ জন্মদিন উপলক্ষে আকৌ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় বিভিন্ন কাৰ্যসূচীও।
এটা সাংগীতিক পৰিয়ালত জন্মগ্ৰহণ কৰা জয়ন্ত হাজৰিকাই তেওঁৰ ভাতৃ ড০ ভূপেন হাজৰিকা, সুদক্ষিণা শৰ্মা, দিলীপ শৰ্মা আদিৰ দৰে মহান শিল্পীৰ সানিধ্যত শৈশৱৰে পৰা সংগীত চৰ্চাৰ অনুপ্ৰেৰণা লাভ কৰিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা জয়ন্ত হাজৰিকাই সৃষ্টি কৰিবলৈ সক্ষম হৈছিল অসমীয়া আধুনিক সংগীতত এক নিজস্ব শৈলী।
একাধিক বাদ্যযন্ত্ৰ বজাব জনা জয়ন্ত হাজৰিকাই কেইবাটাও গীত কালজয়ী হিচাপে স্বীকৃতি লাভ কৰিছে। পশ্চিমীয়া সংগীতক অসমীয়া সংগীতৰ লগত সংযোজন কৰি এক সুকীয়া সুৰীয়া বৈশিষ্টৰ সৃষ্টি কৰি জয়ন্ত হাজৰিকা কেইবাটাও প্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ আছে। মাত্ৰ ৩৪ বছৰীয়া জীৱনত জয়ন্ত হাজৰিকাই অসমীয়া সংগীতলৈ আগবঢ়াই থৈ গ’ল বহু অৱদান।
১৯৬২ চনত কলিকতাত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰিছিল জয়ন্ত হাজৰিকাই। তাত ৰেকৰ্ড কৰা ‘আগলি বতাহে কপালে কলৰে পাত’ আৰু ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ গানৰ ৰেকৰ্ডখন যথেষ্ট জনপ্ৰিয় হয়। তেওঁ সুৰ দিয়া প্ৰথমটো গীত আছিল আলিমুন্নিছা পিয়াৰৰ ‘জেতুকা পাতেৰে দুহাত বোলালি’ শীৰ্ষক গীতটো ।
‘নতুন আশা’ কথাছবিৰ আৱহ সঙ্গীতৰ কামৰ বাবে ১৯৭৭ চনৰ ১২ অক্টোৱৰ তাৰিখে জয়ন্ত হাজৰিকা গৈছিল কলকাতালৈ ৷ তাতেই তেওঁ হৈ পৰে অসুস্থ। ১৯৭৭ চনৰ ১৫ অক্টোৱৰৰ নিশা কলকতাৰ পি.জি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল সকলোৰে আদৰৰ ৰাণাদাই।