ভাৰতৰ হৈ প্ৰথমটো পদক আজুৰি আনিলে মীৰাবাই চানুৱে

0
100

ভাৰতৰ হৈ প্ৰথমটো পদক আজুৰি আনিলে মীৰাবাই চানুৱে

নিউজ ডেস্ক, আমাৰ সময়ঃ দেশবাসীৰ বাবে ভাল খবৰ | উত্তৰ পূৰ্বাঞ্চলৰ জীয়াৰীয়ে কঢ়িয়াই আনিলে টকিঅ’ অলিম্পিকত দেশৰ হৈ প্ৰথমটো পদক | গুৱাহাটী ৰেলৱেত কৰ্মৰত মীৰাবাই চানু | মণিপুৰৰ জীয়াৰী মীৰাবাই চানু | ৰূপৰ পদক লাভ মীৰাবাইৰ | ২৬ বছৰীয়া মীৰাবাই চানুৱে লাভ কৰিলে ৰূপৰ পদক |

টকিঅ’ অলিম্পিকৰ দ্বিতীয় দিনা দেশবাসীৰ বাবে আহিল ভাল খবৰ | ভাৰোত্তোলনত লাভ কৰিছে এই পদক |মণিপুৰৰ জীয়াৰীয়ে আজুৰি আনিলে ৰূপৰ পদক | তেওঁ বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত কেইবাবাৰো পদক লাভ কৰিছে । ২০১৮ চনত ভাৰত চৰকাৰে তেওঁক ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছিল । তদুপৰি ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানো লাভ কৰে মীৰাবাই চানুৱে । উত্তৰ পূৰ্বাঞ্চলৰ এইগৰাকী জীয়াৰীয়ে দেশবাসীলৈ পুনৰ কঢ়িয়াই আনিলে ভাল খবৰ । টকিঅ’ অলিম্পিকত লাভ কৰিলে ৰূপৰ পদক । ৪৯ কেজিৰ ভাৰ উত্তোলন শাখাত ৰূপৰ পদক লাভ মীৰাবাই চানুৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here