বন মহোৎসৱ উপলক্ষে নলবাৰীত গছপুলি ৰোপণ

0
73

বন মহোৎসৱ উপলক্ষে নলবাৰীত গছপুলি ৰোপণ

৫০টা মূল্যবান গছপুলি ৰোপণ প্ৰতিষ্ঠানটোৰ

আমাৰ সময়ঃ যোৱা ১ জুলাইৰ পৰা আৰম্ভ হোৱা বন মহোৎসৱৰ আজি অন্তিমটো দিন । ৭২ সংখ্যক বন মহোৎসৱ উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত গছপুলি ৰোপণৰ কাৰ্যসূচী পালন কৰা পৰিলক্ষিত হয় । গছ থাকিলেহে মানুহ থাকিব । এই কথা সাৰোগত কৰি লগতে বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি নলবাৰী সামাজিক বনানীকৰণ সংমণ্ডলৰ সহযোগত ৬ জুলাই তাৰিখে নলবাৰী জিলাৰ কৰিয়াস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ চৌহদত ৫০ টা কৈ মূল্যবান গছপুলি ৰোপণ কৰা হয় ।

     

শিক্ষকতাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰখনৰ উপৰিও প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত সদা তৎপৰ নলবাৰীৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েট । পৰৱৰ্তী সময়ত এই গছপুলিসমূহ ৰক্ষণাবেক্ষণ কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞ নলবাৰী ডায়েটৰ সমূহ পৰিয়ালবৰ্গ । এই অনুষ্ঠানত উপস্থিত থাকে নলবাৰী ডায়েটৰ অধ্যক্ষা শ্ৰীমতী কল্পনা বৰুৱা প্ৰমূখ্যে নলবাৰী জিলাৰ নৱনিযুক্ত বন বিষয়া মুকুট চন্দ্ৰ দাসৰ লগতে অন্যান্য প্ৰবক্তা আৰু প্ৰকৃতিপ্ৰেমী ৰাইজ।এই প্ৰচেষ্টাই নলবাৰী ডায়েটৰ চৌহদটো চিৰসেউজৰূপে গঢ় দিয়াত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে প্ৰতিষ্ঠানটোৱে ।

নলবাৰী, ধীৰাজ তালুকদাৰ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here