বগীবিল পথত ২০০ গছপুলি ৰোপণ

0
174

বগীবিল পথত ২০০ গছপুলি ৰোপণ

ধেমাজিৰ নৱ কুমাৰ চাংমাইৰ ব্যক্তিগত প্ৰচেষ্টাত এই পদক্ষেপ

এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে চিচিবৰ গাঁৱৰ ৰাজহ চক্ৰ বিষয়া আৰু উন্নয়ন বিষয়াই

আমাৰ সময়ঃ ধেমাজিৰ কুলাজান বগীবিল পথত নৱ কুমাৰ চাংমাইৰ এক উল্লেখনীয় পদক্ষেপ ।নৱ কুমাৰৰ ব্যক্তিগত প্ৰচেষ্টাত বগীবিল পথত ২০০ গছপুলি ৰোপণৰ এক কাৰ্যসূচী গ্ৰহণ। উন্নত জাতৰ আম, কঁঠাল পুলিৰ লগতে বকুল, কৃষ্ণচূড়া, ৰাধাচূড়া আদিকে ধৰি ২০০ গছপুলি ৰোপণ কৰা হয় ।
এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে চিচিবৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়া নীলোৎপল পাঠক , চিচিবৰগাঁও উন্নয়ন খণ্ডৰ বিষয়া বৰ্ণালী গগৈ আৰু কুলাজান পঞ্চায়তৰ চন্দ্ৰ মোহন পেগুৱে।

ধেমাজিৰ এইজন যুৱকৰ সপোন হৈছে জিলাখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰি ঠাইসমূহ সেউজীয়া কৰি তোলাৰ লগতে অক্সিজেনৰ অভাৱ দূৰ কৰা । লগতে তেওঁ উল্লেখ কৰে যে পৃথিৱীত যিহেতু দিনক দিনে গছ-গছনি কমি আহিবলৈ আৰম্ভ কৰিছে , তেনে পৰিপ্ৰেক্ষিতত কেৱল মানুহ জাতিটো জীয়াই থাকিলে নহ’ব । চৰাই-চিৰিকটি,অথবা অন্য জীৱ-জন্তুও জীয়াই থাকিব লাগে বুলি মত প্ৰকাশ ব্যক্তিজনৰ ।

গছ-গছনি ৰোপণৰ দ্বাৰা এটা সুস্থ পৰিৱেশ ঘূৰাই আনিবলৈ চেষ্টা কৰা বুলি যুৱকজনে জানিবলৈ দিয়াৰ লগতে বিগত তিনি বছৰ মানৰ পৰাই এই  গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বুলিও জানিবলৈ দিয়ে । প্ৰথম অৱস্থাত নিজৰ পঞ্চায়ত লক্ষীপথাৰ আৰু নিজৰ গাঁৱত গছপুলি ৰোপণ কৰি অহাৰ পাছত ক্ৰমে জিলাখনৰ আন আন ঠাইত এই কাৰ্যসূচী হাতত লৈছে। তাৰেই পৰিপ্ৰেক্ষিতত আজি উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগী বগীবিল পথত ২০০ টা বিভিন্ন জাতৰ গছপুলি ৰোপণ কৰি এই কাৰ্যসূচী গ্ৰহণ কৰিছে।

ধেমাজি,চিলাপথাৰ, বিকাশ শইকীয়া ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here