মৰিগাঁৱৰ জেৰেঙাগাঁৱত গছপুলি ৰোপণ কাৰ্যসূচী

0
113

মৰিগাঁৱৰ জেৰেঙাগাঁৱত গছপুলি ৰোপণ কাৰ্যসূচী

জেৰেঙাগাঁও যুৱক সংঘৰ সৌজন্যত এই কাৰ্যসূচী

আমাৰ সময়ঃ ক্ৰমাৎ বৃদ্ধি পাই আহিছে গোলকীয় উষ্ণতা । কমি গৈছে গছ-গছনিৰ সংখ্যা । এনে ভয়াৱহ সংকটৰ পৰা বচাব পাৰে কেৱল গছ-গছনিয়ে । সেয়েহে আজি প্ৰকৃতি প্ৰেমী মঞ্চৰ আহ্বানক সন্মান জনাই মৰিগাঁও জিলাৰ জেৰেঙা গাঁৱৰ যুৱক সংঘই সেউজী ধৰণী গঢ়াৰ লক্ষ্যৰে ৰোপণ কৰে গছপুলি ।

প্ৰকৃতি প্ৰেমী মঞ্চ আৰু মৰিগাঁও জিলাৰ জেৰেঙা গাঁও যুৱক সংঘৰ উদ্যোগত শতাধিক যুৱক-যুৱতীয়ে জেৰেঙা গাঁও তেতেলীয়া সংযোগী গৰুবাটৰ নিৰ্মীয়মাণ পথৰ দুয়োকাষে ৰোপণ কৰে গছপুলি । উল্লেখ্য যে তেওঁলোকে কেৱল গছপুলি ৰোপণ কৰাই নহয় , গছপুলি ৰোপণ কৰি তাৰ ৰক্ষণা-বেক্ষণৰো দায়িত্বভাৰ গ্ৰহণ কৰে ।

জেৰেঙাগাঁও যুৱক সংঘৰ সভাপতি থানুৰাম পাতৰে নিমপুলি ৰোপণেৰে শুভাৰম্ভ কৰা আজিৰ কাৰ্যসূচীত প্ৰকৃতিপ্ৰেমী মঞ্চ আৰু জেৰেঙাগাঁও যুৱক সংঘৰ কৰ্মকৰ্তাসকলে প্ৰখৰ ৰ’দকো নেওচি উক্ত পথৰ দুয়োকাষে সৌন্দর্যবর্ধনৰ বাবে কাঞ্চন, নাহৰ, বকুল, কৃষ্ণচূড়া, ৰাধাচূড়া,সোণাৰু আদি গছপুলি ৰোপণ কৰাৰ লগতে আমলখী, শিলিখা,আম, কঁঠাল, জামু জলফাই, ঔটেঙা আদি ফলৰ পুলি ৰোপণ কৰি চৰাই-চিৰিকটি, জীৱ-জন্তুৰ বাবে অনুকূল পৰিৱেশ গঢ়াত এক বিশেষ ভূমিকা হাতত লয় ৷
লগতে প্ৰকৃতিপ্ৰেমী মঞ্চ আৰু জেৰেঙাগাঁও যুৱক সংঘৰ এই কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ লোকসকলে ।

মৰিগাঁও, পিংকু দাস ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here