UPSC ৰ পঞ্চম স্থানত নাম উজলিল অসম সন্তান ময়ুৰ হাজৰিকা
আজি ঘোষণা কৰা UPSC CIVIL SERVICES (MAN) EXAMINATION 2023 ৰ ফলাফলত অসমলৈ সুখবৰ কঢ়িয়াই আনিলে তেজপুৰৰ ময়ুৰ হাজৰিকাই।
তেওঁ তেজপুৰৰ ডন’বস্ক হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ আছিল আৰু তেওঁ NHM ৰ এজন ডাক্তৰ।
আজি দিয়া ফলাফলত ময়ুৰ হাজৰিকাৰ লগতে ২৯৮ স্থানত অসম সন্তান ইদুল আহমেদ আৰু আন এগৰাকী ৮৮১ স্থানত মানস জ্যোতি দাস অসম সন্তানৰ নাম উজলিল।
পুনৰ UPSC ৰ শীৰ্ষত থাকিল যুৱতী। প্ৰথম স্থানত দখল কৰিলে ইশিতা কিশোৰ। আৰু শীৰ্ষ ৪ স্থানত নাম ৰাখিলে যুৱতীৱে ।