জুবিন গাৰ্গ এটা নাম নহয় , তেখেত যেন এক আৱেগ
তেখেতৰ এটা কথাতেই হয়তো আপুনি জাঙোৰ খাই উঠে কিন্তু জানেনে ?? লাখ-লাখ অনুৰাগীৰ হৃদয়ত বাস কৰে, তেওঁ আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হ’ব পৰা এটা বিশাল মনৰ গৰাকী তেওঁ সৰল মনা ব্যক্তি গৰাকীৰ আছে এখন সুবিশাল হৃদয় । তেখেতৰ অন্তৰেদি যেন বৈ আহে এটি প্ৰেমৰ নিজৰা। দুখীয়া দৰিদ্ৰৰ কাষত থকা এখন সহায়ৰ হাত জুবিন গাৰ্গ, আৰ্তজনৰ কাষত থকা সাহস জুবিন গাৰ্গ প্ৰতিটো সমস্যাৰ সৈতে যুঁজাৰ সাহস জুবিন গাৰ্গ। দুখতো জুবিন সুখতো জুবিন । জুবিনৰ গীতে দিয়ে জীৱন জীয়াৰ এক অৱকাশ।
জুবিনৰ বিষয়ে আপুনি মই বহু কথাই কও । কিন্তু শিশুসুলভ জুবিনৰ অন্তৰখন এবাৰ জানিব যত্ম কৰিছোঁ নে ?
বেলেগ একো নকও বানপানীৰ সময়ৰ কথা মনত আছেনে? কোনো মন্ত্ৰী আমোলাগৈ উপস্থিত নৌহওতেই আৰ্তজনৰ কাষত গৈ উপস্থিত হৈছিল জুবিন গাৰ্গ ? আৰু সেই অন্ধ ছোৱালীজনী যাৰ এবাৰ পৃথিৱীখন চোৱাৰ মন আছিল আৰু সেই সুযোগ প্ৰদান কৰিছিল জুবিন গাৰ্গে।
ইমানৰ পিছতো আপুনি মই কিয় বাৰু তেখেতক ইমান সমালোচনা কৰোঁ ?? চিৰ অসমপ্ৰেমী মানুহজন যিমান দূৰলৈ নাযাওক কিয়
অসম মাটিৰ গোন্ধ ই যেন তানি আনে তেখেতক। ঢপলিয়াই উলাইহি মাতৃভূমি অসম।
বিভিন্ন সময়ত তেখেত বিভিন্ন বিতৰ্কত সোমাই পৰে। ৰাজনৈতিকেই হওক বা আন কিবা। বিতৰ্কৰ পাছতেই বিভিন্ন জনৰ ট্ৰ’লৰ সন্মুখীন হৈ পৰে জুবিন গাৰ্গ। এতিয়া সামাজিক মাধ্যমত অনুৰাগী সকলে আহ্বান জনাইছে। দাদা তই আমাৰ মৰমৰ শিল্পীগৰাকীয়ে হৈ থাক। গাই যা মানৱতাৰ গান। গাই যা প্ৰেমৰ গান। মানুহবোৰে তোক হাঁহিলে আমি সহিব নোৱাৰোঁ অ’ দাদা।