পোহনীয়া ছাগলীটোক কিমান ভাল পালে ক্রয় কৰিব পাৰে ৰে’লৰ টিকট

পোহনীয়া ছাগলীটোক কিমান ভাল পালে ক্রয় কৰিব পাৰে ৰে’লৰ টিকট

ছাগলীৰ বাবেও ৰে’লৰ টিকত ,টিকট ক্ৰয় কৰে ছাগলীৰ গৰাকীয়ে ,পৃথিৱীত বহু কম সংখ্যাক লোক পশু প্ৰিয়

কুকুৰ, মেকুৰী , মাছ আৰু বিভিন্ন ধৰণৰ চৰাই পোহা আপুনি দেখিছে । কিন্তু এই ভিডিঅ’টোত দেখা মহিলা গৰাকীৰ কাষত যিটো ছাগলী দেখিছে সেইটো হৈছে মহিলাগৰাকীৰ পোহনীয়া ছাগলী ।যিটো সময়ত পথৰ কুকুৰ, গৰু,ছাগলী আদি জীৱ- জন্তুৰ ওপৰত কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে অত্যাচাৰ কৰা দেখা যায় তাৰ পৰিৱৰ্তে এই মহিলা গৰাকী যেন তাৰই এক ব্যতিক্ৰমী ৰূপ । ৰে’ল যাত্রাৰ সময়ত মহিলা গৰাকীয়ে তিনিটা টিকট ক্রয় কৰিছে দুটা নিজৰ আৰু স্বামীৰ বাবে আৰু আনটো নিজৰ ছাগলীটোৰ বাবে । যেতিয়া ৰে’লৰ টিটি য়ে টিকত সমুহ নিৰীক্ষণ কৰে । টিটিজনো আচৰিত হৈ যায় মহিলা গৰাকীৰ এই কাণ্ডত । পোহনীয়া জন্তুক কিমান ভাল পালে কৰিব পাৰে এই কাণ্ড । কিন্তু একাংশই আকৌ বাৰীত গৰু- ছাগলী সোমোৱাৰ মাত্রই মাৰিবলৈ যায়। এইসকল ব্যক্তিৰ বাবে এইগৰাকী মহিলা নিশ্চয়কৈ আদৰ্শ হোৱা উচিত। সমাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো লৈ বহু পশু প্ৰেমীৰ মন জয় কৰিছে মহিলা গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *