পিতৃ-মাতৃ হ’ল আমাৰ জীৱনদাতা, পালনকৰ্তা আৰু জীৱনৰ দিশ নিৰ্ণয়কাৰী । মাক-দেউতাকৰ পৰাই সন্তান এজনে শিক্ষা, জ্ঞান, সামাজিক,সাংস্কৃতিক সকলো দিশ প্ৰথম অংকুৰণ হয় । সকলো পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীক ভালকৈ পঢ়া-শুনোৱা কৰোৱাৰ পাছত জীৱনটো প্ৰতিষ্ঠিত হোৱাটো কামনা কৰে । তাৰে কিছু অভিভাৱক এই ক্ষেত্ৰত সফল হয় আৰু আন কিছুৱে অসফল হ’লে ভাগ্যক দোহাই দি ৰৈ যায় ।
জন্মৰ পৰা ২-৬ বছৰৰ সময়খিনিতে শিশুৰ সম্পূৰ্ণ মানসিক বিকাশ ঘটে আৰু ভৱিষ্যতে সেই শিশু মাক- দেউতাক, পৰিয়াল, সমাজ ব্যৱস্থা আৰু পৃথিৱীৰ বাবে কি কৰিব তাৰ ভেটি স্থাপন হয় । এই সময়খিনিতে শিশুৰ সৈতে ঘটি যোৱা সৰু-ডাঙৰ এটা এটা ঘটনা প্রবাহে শিশুৰ জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ।
এইক্ষেত্ৰত অভিভাবক সকলৰ কিছু কৰণীয়-
ক) শিশুৰ সৈতে কঠোৰ আচৰণ নকৰা :
শিশু এটিয়ে ভুল কৰা স্বাভাৱিক আৰু সেই ভুলৰ পৰা শিক্ষা লৈয়ে শিশুয়ে এদিন পৰিপক্ক হৈ পৰে । পিতৃ-মাতৃৰ ৰূঢ় আচৰণৰ বিপৰীতে শিশুটিক তিৰস্কাৰ নকৰি কিছু কৌশলৰে ভুল আঙুলিয়াই দিয়ক । অন্যথা শিশুটিৰ মনত বিদ্বেষ ভাব জন্ম হ’ব ।
খ) শিশুৰ প্ৰতি সজাগ হোৱা :
শিশুৰ পৰা প্রাপ্তবয়স্ক হ’বলৈ শিশুক পিতৃ-মাতৃ দুয়োজনৰে সান্নিধ্যৰ অতিকৈ প্রয়োজন । শিশুৰ সৈতে অভিভাবকৰ যোগাযোগৰ অভাৱে শিশুক অকলশৰীয়া অনুভৱ কৰাই আৰু তাৰ ফলত শিশুটিয়ে নিজৰ মনে যি ইচ্ছা কৰে তাকে কৰিবলৈ আৰম্ভ কৰে । যাৰ ফলত তেওঁলোকে এনে কিছুমান ভুল কৰি পেলাই যিবোৰে ভৱিষ্যত জীৱন নিঃশেষ কৰি দিয়ে ।
গ) শিশুৰ সৃজনশীলতাৰ প্ৰতি লক্ষ্য দিয়া :
শিশু এটিৰ সৃজনশীলতা আৰু সৃষ্টিশীলতাখিনি লক্ষ্য কৰি তাৰ যিটো কামৰ প্ৰতি তাৰ আগ্ৰহী সেই কামত উৎসাহিত কৰিলে শিশুৰ ভৱিষ্যতৰ বাবে সুফলদায়ক হ’ব । তাৰ ফলত শিশুৰ জীৱন ৰুচিশীল আৰু নান্দনিক হৈ পৰিব ।
ঘ) শিশুৰ আনন্দ আৰু বিনোদনত গুৰুত্ব :
কুমলীয়া শিশু মনে সকলো সময়তে আনন্দ, স্ফূর্তি বিচাৰে, খেলিব বিচাৰে, হাঁহিব বিচাৰে, ফুৰিবলৈ বিচাৰে । দুখ কষ্টৰে ভাৰাক্ৰান্ত হৈ ডাঙৰ হোৱা শিশু আনন্দ উল্লাসেৰে ডাঙৰ হোৱা শিশু সকলোতকৈ ভৱিষ্যত জীৱনত বহু পিছুৱাই থাকে । আৰু দুখ কষ্টত ভাৰাক্ৰান্ত শিশুৰ মগজুৰ বিকাশ সম্পূৰ্ণ হ’বলৈ নাপায় ।
ঙ) শিশুৰ গুৰুত্বপূৰ্ণ দিনবোৰত কাষত থকা :
শিশুৱে মাক-দেউতাকক আটাইতকৈ আপোন বুলি গণ্য কৰে । শিশুৰ জন্মদিন, বিহু, পূজা আদিত শিশুৱে নিজৰ মাক- দেউতাকৰ সৈতে উদযাপন কৰিবলৈ পছন্দ কৰে । আৰু সেই বিশেষ সময় আৰু বিশেষ দিনবোৰত পিতৃ-মাতৃক লগত নাপালে তেওঁলোকে অসহায় বোধ কৰে, সেই একাকীত্বই শিশুক পিতৃ-মাতৃৰ সৈতে দূৰত্ব বঢ়ায় তোলে ।
চ) আন শিশুৰ সৈতে তুলনা:
শিশু এটিক কেতিয়াও আন শিশুৰ সৈতে তুলনা নকৰিব । সকলো শিশুৰে পাৰদৰ্শিতা বেলেগ বেলেগ । আন শিশুৰ সৈতে নিজৰ শিশুক তুলনা কৰিলে শিশুটি হীনমন্যতাত ভুগিব পাৰে । ফলত শিশুটিয়ে নিজকে শেষ কৰি দিয়াৰো উদাহৰণ আমাৰ সমাজত আছে ।