বিশ্বৰ আটাইতকৈ লেতেৰা ব্যক্তিজন কোন আপুনি জানেনে?

বিশ্বৰ আটাইতকৈ লেতেৰা ব্যক্তিজন কোন আপুনি জানেনে?

৬০ বছৰ গা নুধুৱাকৈ আছে ব্যক্তিজন। ব্যক্তিজনৰ খাদ্যৰ বিষয়ে জানিলে অবাক হ’ব আপুনি এনে কি খাই ব্যক্তিজনে।
ইৰাণলএজন লোককক বিশ্বৰ আটাইতকৈ ‘লেতেৰা মানুহ’ বুলি কোৱা হৈছিল। ৯৪ বছৰীয়া এইজন লোকে শেহতীয়াকৈ নিজৰ শেষ নিশ্বাস ত্যাগ কৰে । নিজৰ জীৱনশৈলীৰ বাবে তেওঁ এই খিতাপ লাভ কৰিছিল।

তথ্য অনুসৰি আমৌ হাজী নামৰ এই লোকজনে ৬০ বছৰতকৈও অধিক সময় পানী বা চোবোন ব্যৱহাৰ কৰা নাছিল।

হাজী যেতিয়া ডেকা অৱস্থাত আছিল তেতিয়া তেওঁৰ লগত মানসিক আৰু আৱেগিকভাবে এনেকুৱা ঘটনা সংঘটিত হৈছিল যাৰ পিছত তেওঁ গা নোধোৱাকৈ নিজৰ জীৱন জীয়াবলৈ আৰম্ভ কৰি দিছিল (Strange Style Of Living)। হাজীয়ে (Amou Haji) ভাবিছিল যে গা ধুলে বা গাত চাবোন ব্যৱহাৰ কৰিলে তেওঁ বেমাৰত পৰিব। যদি কোনোবাই তেওঁক গা ধোৱাবলৈ চেষ্টা কৰে বা তেওঁক খাবলৈ চাফা পানী দিয়ে, হাজী দুখী হৈ উঠে।

আইআৰএনএৰ প্ৰতিবেদন অনুসৰি, হাজী গা ধুবলৈ ইমানে বেয়া পাইছিল যে এবাৰ স্থানীয় গাঁওবাসীয়ে নদীত গা ধুৱাবলৈ চেষ্টাও কৰিছিল কিন্তু যেতিয়া গাঁওবাসীৰ এই কথা গম পালে তেওঁ চলন্ত গাড়ীৰ পৰা জাঁপ মাৰি দিছিল।

অৱশ্যে কিছু মাহ পূৰ্বে হাজী বেমাৰত পৰিছিল আৰু তেতিয়া তেওঁক গাঁওবাসীয়ে গা ধুৱাই দিছিল। জানিবলৈ দিয়া অনুসৰি, এই লোকজনে মামৰে ধৰা পাইপত জীৱ-জন্তুৰ মল ভৰাই তাৰে ধূমপান কৰিছিল। লগতে তেওঁ পচা মাংস খাব ভাল পায়।

হাজীৰ জীৱন বা জীৱনশৈলী ইমানেই আজৱ আছিল যে ২০১৩ বৰ্ষত তেওঁৰ ওপৰত এখন চুটি তথ্যচিত্ৰ (Short Documentary Film) নিৰ্মাণ কৰা হৈছিল। এই ছবিখনৰ নাম দ্যি ষ্ট্ৰেঞ্জ লাইফ অফ আমৌ হাজী (The Strange Life of Amou Haji) আৰু এই ছবিখনৰ পিছত হাজী যথেষ্ট চৰ্চাতো আহিছিল

Leave a Reply

Your email address will not be published. Required fields are marked *