এটা ৮ বছৰীয়া শিশু
যাৰ বাবে এক ভয়ানক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন যাত্রীবাহী ৰে’ল
ৰক্ষা পৰিল শ শ ৰে’ল যাত্রীৰ জীৱন নিজৰ জীৱনকো তুচ্ছ কৰি সাহসীকতা দেখুৱালে কণমাণিটোয়ে পিন্ধি থকা ৰঙা চাৰ্টটো খুলি ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰিলে কণমাণিটোয়ে
এটাৰ পিছত আন এটা ৰে’ল দুৰ্ঘটনায়ে কঁপাইছে দেশ। এইবাৰ এটা ৮ বছৰীয়া কণমানিৰ বাবে প্রাণ ৰক্ষা পৰিল এখন যাত্রীবাহী ৰে’ল । প্রথমে মন কৰক এই কণমানিটোলৈ । কণমাণিটোৰ নাম মুৰছলিম শ্বেখ । বয়স মাত্র ৮ বছৰ। মুৰছলিম শ্বেখে ৰক্ষা কৰিলে শ শ ৰে’ল যাত্ৰীৰ জীৱন। পশ্চিম বংগৰ মালা পিন্ধি থকা ৰঙা স্পৰ্টিং খুলি সংকেত দিলে ৰে’লখনক, ৰে’ল ট্ৰেকৰ বিসংগতি দেখি মুৰছলিম শ্বেখে লগে লগে সংকেত দিছিল ৰে’লখনক, মুৰছলিম শ্বেখৰ বাবে ভয়ানক দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ৰে’লখন।কোৰিয়ালি গাঁৱৰ পঞ্চম শ্ৰেণীৰ ছাত্র মুৰছালিম
পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ বুদ্ধিমত্তাৰ বাবেই এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল কাঞ্চনজংঘা এক্সপ্ৰেছ। মালদা জিলাৰ ভালুক ৰোড ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই ঘটনা। ৰে’লৰ যাত্ৰীসকলৰ জীৱন বচাবলৈ নিজৰ জীৱনকো তুচ্ছ কৰা এজন কিশোৰৰ এই দৃশ্যই সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চাৰ লগতে প্ৰশংসাৰ প্রাত্ৰ বুটলিবলৈ সক্ষম হৈছে । ল’ৰাজনৰ এই সাহসীকতা দেখি ৰে’লৱেৰ বিষয়াসকল হতভম্ব হৈ পৰিল।