শ্বাহৰুখ মোৰ সপোনৰ পুৰুষ

কিয় শ্বাহৰুখৰ প্ৰায় চিনেমাত দীপিকাক লোৱা হয়?

জাৱানত অভিনয় কৰাৰ বাবে দীপিকাই কিমান ধন আদায় লৈছে?

দীপিকা পাডুকন। শেহতীয়াভাৱে জাৱানত কেমিঅ’ চৰিত্ৰত দেখা গৈছে অভিনেত্রী দীপিকা পাড়ুকনক। জৱানে বক্স অফিচত ধুমুহা অনাৰ সময়তে দীপিকাই শ্বাহৰুখৰ ছবিত তেওঁ কিয় কাম কৰি ভালপায় সেই সন্দৰ্ভত বিশেষ মন্তব্য আগবঢ়াইছে। সাক্ষাৎকাৰটোত দীপিকাই শ্বাহৰুখ আৰু তেওঁৰ মাজৰ সম্পৰ্কৰ কথাও স্পষ্টৰূপত প্ৰকাশ কৰিছে। দীপিকাই এই সন্দৰ্ভত কয়, ‘শ্বাহৰুখৰ সৈতে মোৰ সম্পৰ্ক অকল চিনেমাক লৈয়েই নহয়। আমি এজনে আনজনৰ লাকী চাম্প। বিশ্বাস আৰু সন্মানেই আমাৰ সম্পৰ্কৰ বান্ধোন অটুত কৰি ৰাখিছে।’

দীপিকাই লগতে কয়, ‘আমি এজনে আনজনৰ ভাগ্য কৱছ। তেওঁৰ প্ৰতি মোৰ সন্মান আৰু বিশ্বাস আছে। মই ভাৱো ভাগ্যতো শ্বাহৰুখৰ কেৰিয়াৰত কেকৰ ওপৰত থকা সৰু চেৰীটোৰ দৰে । তেওঁ যি কাম কৰে মনেৰে কৰে। প্ৰাণেৰে কৰা কামত সফলতা আহিবই। তথাপিও তেওঁ মোক লাকী চাম্প ভৱাটো মোৰেই সৌভাগ্য।’ এই বৰ্ষৰ আৰম্ভণিতে শ্বাহৰুখে আন এখন হীট ছবি পাঠান উপহাৰ দিছিল। সেই ছবিতো দীপিকাই বিশেষ চৰিত্ৰত অভিনয় কৰিছিল। পাঠানৰ পাছতেই জাৱানত কেমিঅ’ ৰুলত দেখা গৈছে দীপিকাক

২০০৭ চনত ওম শান্তি ওম ছবিত শ্বাহৰুখৰ বিপৰীতে বলীউডত অভিষেক ঘটিছিল দীপিকাৰ। তাৰপিছতেই হেপ্পী নিউ ইয়াৰ আৰু চেন্নাই এক্সপ্ৰেছ ছবিতো অভিনয় কৰিছে দীপিকাই। দুয়োৰে যুঁটিটোৱে একেলগে বক্স অফিচত ভাল ব্যৱসায়ো কৰিছে। বলীউডৰ বেয়া দিন চলি থকাৰ সময়তে পাঠানে বিশ্বব্যাপী ১০০০ কোটিৰো বেছি ব্যৱসায় কৰিছে। জাৱানে ও বৰ্তমানলৈ বিশ্বব্যাপী ৭০০ কোটি আয় কৰিবলৈ সক্ষম হৈছে। জাৱান মুক্তি পাইছিল বিগত ৭ ছেপ্টেম্বৰত। শ্বাহৰুখৰ সৈতে দীপিকাৰ ছবি বক্স অফিচত বিশেষভাৱে হীট হৈছে। অভিনেতা শ্বাহৰুখেও বহুবাৰ সাক্ষাৎকাৰত দীপিকা তেওঁৰ লাকী চাম্প বুলি উল্লেখ কৰি আহিছে। অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰত চিনেমা সম্পর্কে কৈছে, ‘মই কেতিয়াও সংখ্যাৰ প্ৰতি মুগ্ধ নহওঁ। স্কুলৰ গণিতেই হওক বা ধনৰ হিচাপ। মই চিনেমা হীট হ’লে দর্শকে চোৱাটোতহে সুখী হওঁ। মই সুখী মোৰ চিনেমা দর্শকে চাইছে। মই দৰ্শকৰ ওচৰত কৃতজ্ঞ।’

ইয়াৰোপৰি শ্বাহৰুখে কৈছিল, তেওঁ জাৱান বা অইন চলচ্চিত্ৰৰ বাবে নিজেই কোনো ধনৰ ডিমাণ্ড কৰা নাই। আনহাতে দীপিকাই তেওঁৰ সৈতে চিনেমা কৰি কিমান ধন লয় সেই সম্পর্কে দীপিকাকো বহুতে প্ৰশ্ন কৰি আহিছে। দীপিকাই এই প্ৰশ্নৰ উত্তৰত কয়, ‘শ্বাহৰুখ মোৰ প্ৰিয় সহ অভিনেতা। প্রথম চিনেমাক্ষেত্ৰলৈ আহোতে মই কেৱল তেওঁৰ সৈতে কাম কৰাৰ সপোন হে দেখিছিলো। সপোনৰ মানুহজনৰ সৈতে কাম কৰিবলৈ পোৱাটোৱেই মোৰ ডাঙৰ প্ৰাপ্তি। ধনতকৈ মই তেওঁৰ সৈতে কাম কৰাটো মোৰ বাবে ডাঙৰ সৌভাগ্য বুলি ভাৱো।

Leave a Reply

Your email address will not be published. Required fields are marked *