দিনে জমা কৰক ৫০টকা, আপুনি ঘূৰাই পাব ৩৪লাখৰো অধিক টকা! জানি লওক সবিশেষ…

চৰকাৰৰ RPLI আঁচনিৰ সহায় আজি সচাঁই বহু লোকৰে সংস্থাপন সম্ভব হৈছে । কিয়নো নহ’ব যদিহে দৈনিক ৪০ টকাকৈ ধন জমা কৰি কেইটামান বছৰতে ৩০লাখকৈ অধিক টকা লাভ কৰিলে । আপুনি বাৰু এই আচঁনিৰ আৰম্ভ কৰিছে নে ?
বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো নিবনুৱা সমস্যা ব্যাপক হাৰত বৃদ্ধি পাইছে । আৰু নিবনুৱা বুলি ক’লে মধ্যবিত্ত বা তাৰ তলৰ লোক সকলকহে বুজা যায় । তাৰ বাবেই আমাৰ ৰাজ্যতো কম বেছি পৰিমাণে হ’লেও নিবনুৱা সমস্যাৰ প্ৰভাব পৰা দেখা যায় । তেনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে হওঁক বা কেন্দ্ৰীয় চৰকাৰে নিবনুৱা সমস্যা নিৰ্মূল বাবে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰা দেখা গৈছে ।
মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত লোকসকলৰ স্থাপনৰ কথা ভাবি শেহতীয়াকৈ ডাকঘৰে “গ্ৰাম্য ডাক জীৱন বিমান” (RPLI) নামৰ আচঁনি প্ৰস্তুত কৰিছে । এই আচঁনিখন বিভিন্ন ঠাইৰ উপভোক্তাই আকোৱালি লৈছে আৰু সকলোৱে এই আচঁনিত ধন জমা কৰি বহু লাভ অৰ্জন কৰা দেখা গৈছে । শেহতীয়াকৈ জানিব পৰা মতে ডাকঘৰৰ “গ্ৰাম্য ডাক জীৱন বীমা” ৰ (RPLI) অধীনত প্ৰায় ৫ টাকৈও অধিক আঁচনি আৰম্ভ কৰিছে ।
ডাক কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি এই আচঁনিসমূহত  বিনিয়োগ কৰা ব্যক্তিজন ৮০ বছৰ বয়সলৈকে ব্যক্তিগতভাৱে বীমাকৃত হৈ থাকে । যদি ব্যক্তিজন ৮০ বছৰ বয়সৰ পিছত জীয়াই থাকে, তেনেহ’লে ম্যাদপুৰ্তিৰ লাভালাভ উপলব্ধ হ’ব আৰু যদি আঁচনিখনত বিনিয়োগ কৰা ব্যক্তিজন ৮০ বছৰ বয়সৰ আগতে মৃত্যু হয়, তেন্তে তেওঁৰ মনোনীত কৰা ব্যক্তিয়ে এই বীমাৰ পৰিমাণ প্ৰাপ্ত কৰিব ।
এতিয়া জানো আহক এই আচঁনিত কেনেকৈনো ধন জমা বা বিনিয়োগ কৰিব । আপুনি যদি ২০ বছৰ বয়সত এই আঁচনি ধন জমা কৰে তেন্তে আপোনাৰ ৫০বছৰৰ লৈকে প্ৰতিমাহে ১৬৬৬ টকাকৈ জমা কৰিব লাগিব । ঠিক তেনেদৰে ৫৫ বছৰৰ বাবে জমা কৰিব লাগিব ১৪৩৬টকাকৈ । এনেদৰে  ৫৮ বছৰৰ বাবে ১৪৩৫ টকা আৰু ৬০ বছৰলৈ ১৩৮৮টকাকৈ জমা থব পাৰে । সেই হিচাপত চালে দেখিব যে, এই টকা দৈনিক ৫০ টকাৰো কম ।
এই আঁচনি খন সম্পূৰ্ণ হ’লে আপুনি প্ৰিমিয়াম লাভ কৰিব ৩৪ লাখৰো অধিক টকা । এই আঁচনি খনৰ বিষয়ে অধিক জানিবলৈ আপোনাৰ ওচৰৰ ডাকঘৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰে

Leave a Reply

Your email address will not be published. Required fields are marked *