গাঁওবাসীৰ সকলো আফ্ৰিকান মূলৰ
কোন ৰাজ্যত পাব এই গাঁওখন?
ভাৰতৰ এখন গাঁও, যি আফ্ৰিকাৰ গাঁও বুলি প্ৰখ্যাত। এই গাঁওখন আছে গুজৰাটত। গুজৰাটতত জাম্বুৰ গ্ৰাম ৰূপে পৰিচিত গাঁওখনত আফ্ৰিকানসকলে বহুদিন ধৰি বাস কৰি আছে। গাঁৱত সোমাই আপোনাৰ প্ৰশ্ন হ’ব যে আপুনি ভাৰততে আছেনে? আপোনাৰ চকুক বিশ্বাস কৰিব নোৱাৰিব! এনে লাগিব যেন আপুনি আফ্ৰিকা পালেহি। প্ৰায় প্ৰতিজন বাসিন্দা আফ্ৰিকান। গাঁওখনৰ নাম জাম্বুৰ। গুজৰাটৰ গিৰ বনাঞ্চলত অৱস্থিত এই গাঁও। এই গাঁৱৰ বাসিন্দাসকল ছিদ্দি জনগোষ্ঠীৰ, তেওঁলোকৰ উৎপত্তি আফ্ৰিকাত। অৰ্থাৎ জিনীয়ভাৱে এই গাঁৱৰ প্ৰতিজন বাসিন্দা আফ্ৰিকান। চেহেৰা আফ্ৰিকাৰ বাসিন্দাসকলৰ সৈতে হুবহু মিল থকা। অৱশ্যে ভুল নকৰিব যে তেওঁলোক বাসিন্দা হিচাপে তেওঁলোক ভাৰতৰে নাগৰিক। জনা যায় যে সপ্তম শতিকাত আৰবৰ ভাৰত আক্ৰমণৰ সময়ত আফ্ৰিকাৰ ছিদ্দি লোকসকল প্ৰথমে এই দেশলৈ আহিছিল। কিছুমান পেছাত ব্যৱসায়ী, কোনোবা নাৱিক। পৰ্তুগীজসকলেও বহু ছিদ্দিক দাস হিচাপে ভাৰতলৈ আনিছিল। তেতিয়াৰ পৰাই তেওঁলোক ভাৰতত বাস কৰে। অৱশ্যে এই দেশত থাকি এইসকল লোকে ভাৰতক নিজৰ দেশ বুলি গণ্য কৰে। তেওঁলোকে আফ্ৰিকান ভাষা নাজানে। গাঁৱলৈ গ’লে দেখিব যে গাঁৱৰ মানুহে সাৱলীল গুজৰাটী ভাষা কয়। জাম্বুৰ গাঁৱৰ প্ৰাচীন প্ৰথা যে বিবাহ কেৱল এই গাঁৱতে হ’ব। গাঁৱৰ পুৰুষ বা মহিলাই বাহিৰৰ মানুহক বিয়া কৰাব নোৱাৰে। গতিকে শতিকাজুৰি জিনৰ কোনো সংমিশ্ৰণ হোৱা নাই। আৰু আফ্ৰিকান অৱয়ৱ এতিয়াও তেওঁলোকৰ মাজত বৰ্তি আছে।