এশ বছৰ গৰকা এগৰাকী আইতা অকলশৰে থাকে উৰুখা পঁজাত

0
112

এশ বছৰ গৰকা এগৰাকী আইতা অকলশৰে থাকে উৰুখা পঁজাত

আমাৰ সময়ঃ এগৰাকী অকলশৰীয়া আইতা । খুজি-মাগি খাই কটাইছে জীৱন । দুৰ্বিষহ জীৱন কটাইছে আইতাগৰাকীয়ে । জীৱনৰ বিয়লি বেলাত দুচকুত কেৱল চকুপানী । কেতিয়াবা লঘোনে-ভোকে কটাবলগীয়া হয় দিন । উজাগৰে পাৰ কৰে ওৰেটো নিশা। গুৱাহাটী মহানগৰীৰ পৰা কিছু দুৰত্বত থকা ৰাণীৰ দৃশ্য এইয়া । ৫৪ নং পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ ৰাণীৰ গুইমাৰী অঞ্চলৰ একনমান ঠাইতে কোনোমতে দিন কটাইছে অকলশৰীয়া আইতাগৰাকীয়ে । জৰাজীৰ্ণ এই ঘৰটোত এনেদৰে শুদা ভাত খাই থকা আইতাগৰাকীৰ নাম চাৰু ৰাভা । স্বামী যোগেন ৰাভাৰ মৃত্যু হোৱাত সম্প্ৰতি নিঠৰুৱা আইতাগৰাকী ।

ইফালে একমাত্ৰ পুত্ৰ-দুই কন্যা, স্বামীৰ মৃত্যুৰ পাছতেই নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ যোৱাত থানবান হৈ যায় সপোনবোৰ । ৰ’দ-বৰষুণ-বতাহ-ধুমুহা আহিলে এই জুপুৰী ঘৰটোৱেই আইতাৰ শেষ ভৰষা । আইতাগৰাকী থকা মাটিডৰাও বেলেগৰ । কাণেৰে ভালকৈ নুশুনে আৰু চকুৰেও ভালকৈ নেদেখা হৈছে আইতাগৰাকী । খুজি-মাগি কোনোমতে দুবেলা-দুমুঠি যোগাৰ কৰি পেটৰ ভাতমুঠি মোকলাই যদিও প্ৰতিদিনে আইতাই খুজিবলৈ যোৱাটোও অসম্ভৱ হৈ পৰে । সমীপৱৰ্তী কাঁ‌হাৰপাৰা গাঁৱৰ সুহৃদয়ৱান লোক ভগেশ্বৰ দাসে অৱশ্যে মানৱীয়তাৰে মাজে-সময়ে সহায়-সহযোগিতা আগবঢ়াই আহিছে আইতাগৰাকীক ।

চৰকাৰী বৰঘৰীয়াৰো চকুত নপৰে আইতাগৰাকীৰ এই অৱস্থা ।
এই প্ৰতিবেদন চোৱাৰ পাছত আইতাগৰাকীৰ মুখত এধানি হাঁহি বিৰিঙাবলৈ সুহৃদয়বান লোক অথবা স্থানীয় মন্ত্ৰী-বিধায়কে কি ব্যৱস্থা লয় সেয়াহে হ’ব লক্ষণীয় ।

মিৰ্জা, ৰীতা ডাকুৱা ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here