আজি উন্মোচন হ’ল চুমিন্দ্ৰ চৌধুৰীৰ উপন্যাস বিহংগম দৃষ্টিত মিজোৰাম

0
298

আজি উন্মোচন হ’ল চুমিন্দ্ৰ চৌধুৰীৰ উপন্যাস বিহংগম দৃষ্টিত মিজোৰাম

গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ’ল এই গ্ৰন্থখন

গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক ডাঃ নৰেশ্বৰ শৰ্মা,ডঃ ৰোমান শৰ্মা আৰু অভিজ্ঞান অনুৰাগদেৱে

নিউজ ডেস্ক,আমাৰ সময়ঃ গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ’ল চুমিন্দ্ৰ চৌধুৰীৰ উপন্যাস বিহংগম দৃষ্টিত মিজোৰাম ।পল্লবিকা মহন্তই আঁত ধৰা এই অনুষ্ঠানত উপস্থিত থাকে বহুকেইজন কবি-সাহিত্যিক । কম সংখ্যক লোক উপস্থিত থাকি গীতে-মাতে সম্পন্ন হয় অনুষ্ঠানটি । গ্ৰন্থ উন্মোচনী অনুষ্ঠানত গীত পৰিৱেশন কৰে বন্তিৰাম শইকীয়াই । উল্লেখ্য যে অসম সন্তান চুমিন্দ্ৰ চৌধুৰী পেচাগতভাবে অভিযন্তা হোৱাৰ হেতু নয়ডাত থাকে যদিও ভাষা-সাহিত্যলৈ তেখেতে আগবঢ়াই আহিছে অলেখ বৰঙণি ।

লেখক চুমিন্দ্ৰ চৌধুৰীয়ে সাম্প্ৰতিক সময়ত চুবুৰীয়া ৰাজ্য মিজোৰাম আৰু অসমৰ মাজত সীমাকেন্দ্ৰিক বিবাদক অন্ত পেলাই একতাৰ এনাজৰী ডাল কটকটীয়া কৰাৰ এক চেষ্টা চলাইছে এই গ্ৰন্থখনৰ জৰিয়তে ।গ্ৰন্থখন উন্মোচনৰ সময়ত গুৱাহাটী প্ৰেছ ক্লাবত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল । বিশিষ্ট সাহিত্যিক ডাঃ নৰেশ্বৰ শৰ্মা,ডঃ ৰোমান শৰ্মা আৰু অভিজ্ঞান অনুৰাগদেৱকে ধৰি অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে লেখকৰ এই প্ৰচেষ্টাক আদৰণি জনায় । উল্লেখ্য যে ভাষা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হয় এই গ্ৰন্থখন । প্ৰকাশন প্ৰতিষ্ঠানটোৰ অধ্যক্ষ মুকুট শৰ্মাদেৱে গ্ৰন্থখনক লৈ এক গুৰুত্বপূৰ্ণ মত আগবঢ়ায়।

কৰ্মসূত্ৰে নয়ডাত থাকি লেখক চুমিন্দ্ৰ চৌধুৰীদেৱে ডিজিটেল মাধ্যমৰ যোগেদি অংশ গ্ৰহণ কৰে এই অনুষ্ঠানটিত। গাম্ভীৰ্যপূৰ্ণ এই গ্ৰন্থ উন্মোচনী সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ভাষা প্ৰকাশনৰ সমন্বয়ক ৰাহুল দেৱশৰ্মাই । বৰ্তমানে গ্ৰন্থখন বহুকেইখন বিপণীত উপলব্ধ হোৱাৰ লগতে ৱেবছাইটৰ জৰিয়তেও পাঠকে ক্ৰয় কৰিব পাৰিব বুলি প্ৰকাশন গোষ্ঠীয়ে জানিবলৈ দিয়ে । ৱেবচাইটটো হৈছে- www.vashapublication.inত উপলব্ধ এই গ্ৰন্থখন ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here