ফলৰ ৰজা আমৰ বিষয়ে কিছু নজনা কথা ।
আম এবিধ সুস্বাদু ফুল এইটো কথা সকলোৱেই জানে কিন্তূ আমৰ কিছু গুণ জানক আম আন ফলতকৈ অধিক পুষ্টিকৰ। ইয়াত ভিটামিন ‘এ’, চি’ ৰ লগতে ‘বি’ আৰু ‘ডি’ও পৰ্যাপ্ত পৰিমাণে আছে। আপেল আৰু কমলাতকৈ অধিক গুণ লগতে বহু পৰিমাণৰ ভিটামিন আমত পোৱা যায়।
আম খোৱাৰ উত্ত্ম সময় হৈছে দুপৰীয়া। আমৰ শিপা, ছাল, পাত, ফুল, গুটি সকলোতে ঔষধি গুণ আছে। ইয়াৰ শিপা শীতল, মলৰোধক। যদি কফ হয় তেতিয়া আমৰ শিপাৰ ৰস খালে ভাল ফল পোৱা যাই।
পকা আমত ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ প্ৰচুৰ পৰিমাণে পোৱা যায় । লগতে পকা আম মুখত ঘহিলে চালৰ ৰং আৰু চালৰ দাগ নিৰাময় হয় ।আম খোৱাৰ আগত বৰফ নাইবা পানীত অলপ সময় তিয়াই থৈ আম খাব লাগে
স্মৃতিশক্তি সৱল কৰাটো সহায় কৰে পকা আমে, এমাহ ধৰি দৈনিক পকা আমৰ ৰসৰ লগত এচামুচ আদাৰ ৰস মিহলাই খালে স্মৃতি শক্তি বৃদ্ধি হয় ।
যদি কাৰোবাৰ পেটৰ সৈতে সম্পৰ্কিত যিকোনো ধৰণৰ সমস্যা থাকে তেনেহ’লে আমৰ পাতবোৰ উপকাৰী এৰাতি পানীত তিয়াই ৰাখক ৰাতিপুৱা উঠি খালি পেটত খাই দিয়ক।
