নিমখ বেছিকৈ খায় নেকি খায় যদি আজিৰে পৰা কমাওক

সাৱধান! নিমখ বেছিকৈ খালে যিকোনো সময়তে বিকল হ’ব পাৰে হৃদযন্ত্ৰ

হাৰ্ট এটেকৰ ফলত যিকোনো বয়সৰ লোকে যিকোনো সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হৈছে ৷ হৃদৰোগ বৃদ্ধি পোৱাৰ বহু কাৰণ আছে ৷ তাৰ ভিতৰত অস্বাস্থ্যকৰ জীৱনশৈলীয়েই হৈছে ইয়াৰ মূল কাৰণ৷

অত্যাধিক জাংক ফুড আৰু নিমখ খোৱাৰ ফলত হৃদৰোগীৰ সংখ্যা তীব্ৰ হাৰত বৃদ্ধি পাইছে ৷ যদি শৰীৰত ছডিয়ামৰ পৰিমাণ অধিক হয়, তেনেহ’লে ই হৃদযন্ত্ৰৰ ক্ষতি কৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন কোৱা হৈছে যে আমি পৰাপক্ষত নিমখ কম পৰিমাণে খোৱাটো উচিত কাৰণ আমি নজনাকৈয়ে নিমখে আমাৰ শৰীৰৰ যথেষ্ট ক্ষতিসাধন কৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ মতে, নিমখ বেছিকৈ খোৱা লোকসকলৰ হৃদযন্ত্ৰৰ সমস্যা আৰু হৃদআক্ৰমণৰ আশংকা বৃদ্ধি হয়।

বিশেষজ্ঞসকলৰ মতে, হাৰ্ট এটেকৰ অন্যতম কাৰক আন কিছুমান আনুসাংগিক ৰোগ ৷ অত্যাধিক নিমখ খোৱাৰ ফলত উচ্চ ৰক্তচাপ হয় ৷ ই হৃদযন্ত্ৰৰ ধমনীত তেজৰ সঞ্চালন বৃদ্ধি কৰে ৷ ইয়াৰ বাবে হৃদযন্ত্ৰ প্ৰভাৱিত হয় আৰু হাৰ্ট এটেকৰ আশংকা বৃদ্ধি হয় ৷সেয়েহে, সাধাৰণ লোকৰ লগতে ৰক্তচাপত আক্ৰান্ত লোকসকলকো যিমান পাৰি সিমান কম নিমখ খাবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে ৷ মনত ৰাখিব যে, দৈনিক খুব বেছি মাত্ৰ ৫ গ্ৰামহে নিমখ খাব লাগে ৷ বিশ্ব স্বাস্থ্য সংস্থাই লোকসকলক স্বাস্থ্যৱান হৃদযন্ত্ৰৰ বাবে প্ৰতিদিনে ৫ গ্ৰামতকৈ অধিক ছডিয়াম নাখাবলৈ পৰামৰ্শ দিছে।

প্ৰচেছড আৰু ৰেষ্টুৰেণ্টৰ খাদ্যৰ পৰা ছডিয়াম গ্ৰহণে উচ্চ ৰক্তচাপ, হাৰ্ট এটেক, ষ্ট্ৰোকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায় । যিহেতু প্ৰতি বছৰে প্ৰায় ৫ লাখ লোকৰ মৃত্যুৰ কাৰণ উচ্চ ৰক্তচাপৰ সৈতে জড়িত, গতিকে ছডিয়ামৰ পৰিমাণ হ্ৰাস কৰিলে বছৰি হাজাৰ হাজাৰ লোকৰ মৃত্যু ৰোধ কৰিব পৰা যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *