ডায়েবেটিছ ৰোগীক হাৰ্ভাৰ্ডৰ পৰামৰ্শ, মাত্ৰ এই ৫ টা বস্তু নাখাব

ডায়েবেটিছ ৰোগীয়ে কি কৰিব লাগে ?

বৰ্তমান সময়ত ডায়েবেটিছ ৰোগ ব্যাপক হাৰত বৃদ্ধি পাইছে । আৰু প্ৰতিজন ডায়েবেটিছত আক্ৰান্ত ৰোগীয়ে জানিব বিচাৰে যে, ডায়েবেটিছ মানে কি ?ই কিয় হয় ? ইয়াৰ পৰা কেনেকৈ বাচি থাকিব পাৰি আৰু জানিবও লাগে । আচলতে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাটো খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে । যদিও ডায়েবেটিছৰ কোনো নিৰ্দিষ্ট নিৰাময় নাই গতিকে খাদ্য-পানীয়ৰ যত্ন লোৱা উচিত । ডায়েবেটিছ ৰোগীয়ে গ্লাইচেমিক সূচকাংক অধিক থকা বস্তুৰ উপৰিও অধিক কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিয়ে । হাৰ্ভাৰ্ড হেল্থৰ মতে বহু কাৰকে ডায়েবেটিছ ৰোগীৰ অৱস্থা বেয়া কৰি তুলিব পাৰে ।

কাৰ্বহাইড্ৰেট হ্ৰাস কৰকঃ
যেতিয়া কাৰ্বহাইড্ৰেট গ্ৰহণ কৰে সেয়া পুষ্টিকৰ খাদ্যৰ পৰা আহিব লাগে, যেনে শাক-পাচলি (বিশেষকৈ ষ্টাৰচিবিহীন), গোটা শস্য, ফল-মূল, মাহজাতীয় শস্য আৰু দুগ্ধজাত সামগ্ৰীৰ পৰা । প্ৰচেছড ফুড, অধিক পৰিমাণে যোগ হৈ থকা মেদ, চেনি আৰু ছডিয়াম থকা খাদ্য পৰিহাৰ কৰক । তাত থকা কাৰ্ববোৰ ক্ষতিকাৰক ।

সংপৃক্ত চৰ্বি গ্ৰহণ হ্ৰাস কৰাঃ
ডায়েবেটিছ ৰোগীয়ে চেচুৰেটেড ফেট গ্ৰহণ কৰা উচিত নহয় । ইয়াক প্ৰধানকৈ পশুজাত সামগ্ৰীত পোৱা যায়। আনকি ভাল চৰ্বিযুক্ত অলিভ তেলও কম পৰিমাণে খাব লাগে ।

চেনিযুক্ত খাদ্য পৰিহাৰ কৰকঃ
ডায়েবেটিছ ৰোগীয়ে চেনি মিঠা পানীয়ৰ পৰা বিৰত থাকিব লাগে । উচ্চ ফ্ৰুক্ট’জযুক্ত কৰ্ণ চিৰাপ বা চুক্ৰ’জযুক্ত মিঠাইয়ে তেজৰ শৰ্কৰা দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে । ইয়াৰ পৰিৱৰ্তে সাধাৰণ পানী খাব লাগে ।

নিমখ কম খাব লাগেঃ
অতিমাত্ৰাত নিমখ সেৱন কৰিলে কেৱল তেজৰ শৰ্কৰাত প্ৰভাৱ পৰাই নহয়, ই বহুতো গুৰুতৰ সমস্যা, বিশেষকৈ হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে । উচ্চ ৰক্তচাপত ভূগিলে প্ৰতিদিনে ২৩০০ মিলিগ্ৰামতকৈও কম নিমখ গ্ৰহণ কৰিব লাগে ।

সুৰাপানৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকিব লাগেঃ
যদিও সুৰা সেৱন সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগে, কিন্তু সেই অভ্যাস এৰিব নোৱাৰিলে অতি কম পৰিমাণে গ্ৰহণ কৰক । মহিলাৰ বাবে দিনটোত এটা পানীয় আৰু পুৰুষৰ বাবে দিনটোত দুবাৰ সেৱন যথেষ্ট । ইনচুলিন বা আন কিছুমান বিশেষ ঔষধ সেৱন কৰা লোকৰ বাবে মদ্যপান বিপদজনক ।

স্বীকাৰোক্তিঃ এই প্ৰবন্ধটো কেৱল সাধাৰণ তথ্যৰ বাবেহে। ই কোনো কাৰণতে কোনো ঔষধ বা চিকিৎসাৰ বিকল্প হ’ব নোৱাৰে। অধিক জানিবলৈ সদায়ে চিকিৎসকৰ সৈতে যোগাযোগ কৰক ।

Leave a Reply

Your email address will not be published. Required fields are marked *