দাঁতৰ বিষ আছে নেকি ? আছে যদি এই ঘৰুৱা উপায় কেইটা মানি চলক :
দাঁতৰ বিষ এটা সাধাৰণ সমস্যা। আজিৰ সময়ত পৰিৱৰ্তিত জীৱনশৈলীৰ বাবেই অধিকাংশ লোকেই এই সমস্যাত ভুগিবলগীয়া হৈছে । অৱশ্যে ইয়াৰ কেইবাটাও কাৰণ থাকিব পাৰে যেনে পোকে খোৱা, বেক্টেৰিয়াৰ সংক্ৰমণ, কেলচিয়ামৰ অভাৱ, দাঁত পৰিষ্কাৰকৈ নৰখা ইত্যাদি। দাঁতৰ ৰোগ বুলিলে ভুক্তভোগীয়েহে গম পায় যন্ত্ৰনা কিমান । বিভিন্ন কাৰনত শিশু-ডেকা-বুঢ়া সকলো বয়সৰ লোকৰে দাঁতৰ ৰোগ হব পাৰে । বহুতে দাঁত বিষালে ফাৰ্মাচীৰ পৰা পেইনকিলাৰ জাতীয় দৰৱ খাই বিষ নিৰাময় কৰে৷ পিছে এই অভ্যাস ভাল নহয়৷ কেইটামান ঘৰুৱা উপায় আছে, যিবোৰৰ জৰিয়তে দাঁতৰ বিষৰ পৰা সহজতে নিৰাময় লাভ কৰিব পৰা যায়৷
ঘৰুৱা উপায় কেইটা হ’ল:-
*কেইটোপালমান অলিভ অইলৰ সৈতে কেইটামান লং থেতেলি লৈ মিশ্ৰণ তৈয়াৰ কৰি লওক৷ এই মিশ্ৰণ বিষ অনুভৱ কৰা দাঁতত লগালে লাহে লাহে বিষ নিৰাময় হয়৷
*দাঁতৰ বিষ নিৰাময়ৰ ক্ষেত্ৰত নিমখমিশ্ৰিত পানীয়ে ভাল কাম কৰে৷ ইয়াৰ বাবে কুহুমীয়া পানীৰ সৈতে নিমখ মিহলি কৰি কুলি কৰিব লাগে৷ নিমখ পানীয়ে দাঁতৰ ইনফেকছন দূৰ কৰাৰ লগতে দাঁতৰ মাৰি আৰু ডিঙিৰ বিষ কমোৱাত সহায় কৰে৷
*নহৰুৰেও দাঁতৰ বিষৰ পৰা সকাহ পাব পৰা যায়৷ দাঁত বিষালে এটুকুৰা নহৰু নিমখৰ সৈতে সানি লৈ যিটো দাঁতত বিষ অনুভৱ হয়, সেই দাঁতেৰে কেইমিনিটমান কামুৰি ৰাখক৷ দেখিব কিছুসময়ৰ পাছত বিষ লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে৷
*বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়।
*পাঁচকৰিবটা টা বাদাম খাব লাগে আৰু বাদাম, আদা আৰু নিমখ পিহি বিষোৱা দাঁতত লগাব লাগে।এনে কৰিলে দাঁতৰ বিষ ভাল হয়।
*সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়, দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়।
*দাঁতত বিষ উপশম কৰিবলৈ আপুনি পিঁয়াজ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে পিঁয়াজৰ টুকুৰা এটা লৈ দাঁতেৰে ভালদৰে চোবাওক। ই দাঁতৰ বিষ উপশম কৰাৰ লগতে মুখৰ বেক্টেৰিয়াও আঁতৰ