আপুনাৰ মুখৰ দুৰ্গন্ধ ওলায় নেকি? জানো আহক তাৰ কিছুমান উপায় কথা :
মুখৰ পৰা বেয়া গোন্ধ ওলোৱাটো সমাজৰ বহু লোকে ভুগি থকা এটি অস্বস্তিকৰ স্বাস্থ্য সমস্যা। চিকিৎসাশাস্ত্ৰৰ ভাষাত ইয়াক হেলিট’ছিছ বোলে। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ২০ শতাংশ লোকেই কম-বেছি পৰিমাণে কোনো ধৰণৰ মুখৰ গোন্ধৰ সমস্যাত ভোগে । মুখৰ দুৰ্গন্ধৰ ৯০ শতাংশৰ ক্ষেত্ৰতে মুখগহ্বৰৰ জড়িত কাৰণ থকা দেখা যায়। মুখগহ্বৰৰ ভিতৰত প্ৰায় ৭০০ বিধ বিভিন্ন প্ৰজাতিৰ অণুজীৱ থাকে। জিভাৰ গুৰিৰ ফালৰ ওপৰ অংশ আৰু তাৰ আশে-পাশে থকা বেক্টেৰিয়াৰ দ্বাৰা দুৰ্গন্ধ সৃষ্টিকাৰী জৈৱিক আৱৰণ সৃষ্টি মুখৰ পৰা বেয়া গোন্ধ ওলোৱাৰ এটি মূল কাৰণ। মুখৰ দুৰ্গন্ধই আপোনাৰ শাৰীৰিক একো ক্ষতি নকৰে কিন্তু ব্যক্তিগতভাৱে আনৰ সন্মুখত আপোনাৰ এটা বেয়া ধাৰণা হ’ব পাৰে আৰু আপোনাৰ লগত কথা পাতিবলৈ সংকোচবোধ কৰিব পাৰে সকলোৱে।
খোৱা খাদ্য আৰু লেলাউটিত থকা ছালফাৰযুক্ত এমিনো এচিডৰ মুখগহ্বৰৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা বিভংগনৰ ফলত হাইড্ৰ’জেন ছালফাইড, মিথাইল মাৰ্কাপ্টেন, এলিল মিথাইল ছালফাইড, ডাই-মিথাইল ছালফাইড আদি দুৰ্গন্ধময় ৰাসায়নিক পদাৰ্থৰ উৎপত্তি হয়। দাঁতৰ ফাঁকত ৰৈ যোৱা খাদ্যাংশ, পূজ, অপৰিষ্কাৰ কৃত্ৰিম দাঁত আদিয়ে ইয়াত অৰিহণা যোগায়। দুৰ্গন্ধৰ তীব্ৰতা দিনটোৰ সময়ভেদে কম-বেছি হ’ব পাৰে। খোৱা খাদ্যৰ ওপৰতো ই বহুলাংশে নিৰ্ভৰ কৰে-পিঁয়াজ, নহৰু, মাছ, মাংস, কণী, পনীৰ জাতীয় খাদ্য গ্ৰহণৰ পিছত দুৰ্গন্ধ বেছি হোৱাৰ সম্ভাৱনা থাকে।
১) যথেষ্ট পৰিমাণে পানী খাব
মুখৰ গোন্ধ আঁতৰাবলৈ পানী হৈছে আটাইতকৈ সহজ উপায়। হয়, আপুনি যিমানে বেছি পানী খাব, আপোনাৰ মুখৰ গোন্ধ সিমানে কম হ’ব। কিয়নো যেতিয়া আপোনাৰ মুখত পৰ্যাপ্ত আৰ্দ্ৰতা নাথাকে তেতিয়া আপোনাৰ মুখৰ লেলাৱতিৰ সৃষ্টি নহয় আৰু যাৰ ফলত আপোনাৰ মুখত বেক্টেৰিয়া সৃষ্টি হব ধৰে। গতিকে মুখখন দুৰ্গন্ধমুক্ত কৰি ৰাখিবলৈ পানী খাব আৰু দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাতিপুৱা যিমান সম্ভৱ পানী খাব।
২) দাঁতৰ বিশেষ যত্ন ৰাখিব
যধে মধে যিকোনো খাদ্য খোৱা জীৱনশৈলীয়ে বহুলোকৰ উশাহৰ দুৰ্গন্ধ সৃষ্টি কৰি আছে। কিছুমান লোকে নিয়মীয়াকৈ ৰাতিপুৱা আৰু সন্ধিয়া ব্ৰাছ কৰে তাৰ পিছতো মুখৰ পৰা গোন্ধ ওলায় ।
৩) ডালিম আৰু ধনিয়াৰ ব্যৱহাৰ
মুখত দুৰ্গন্ধ থকাৰ বাবে মানুহবোৰো পলাই যাবলৈ আৰম্ভ কৰে। এই সমস্যাটোৱে মানুহৰ আত্মবিশ্বাসৰ স্তৰও হ্ৰাস কৰে। আপুনি আনৰ সৈতে কথা পাতিবলৈ সংকোচ অনুভৱ কৰে। এনে পৰিস্থিতিত, আপুনি ডালিমৰ বাকলি পানীত উতলাব লাগে আৰু সেই পানীৰে মুখখন ধুই পেলাব লাগে। এনে কৰিলে মুখৰ গোন্ধ আঁতৰ হব । চফ গুটিও এক ভাল মাউথফ্ৰেচনাৰ আৰু দুৰ্গন্ধৰ প্ৰতিকাৰক ৰূপে ব্যৱহাৰ কৰিব পাৰে । ইয়াক মুখত চোবালে মুখৰ গোন্ধ আঁতৰ হয়।
৪) তুলসী পাত আৰু মধুৰিআমৰ পাত
তুলসীৰ পাত চোবালে মুখৰ গোন্ধও আঁতৰ হয়। তুলসীও মুখত হোৱা আঘাতৰ বাবে এক ৰামবাণ। একেদৰে, মধুৰিআমৰ কোমল পাত চোবাই মুহূৰ্ততে মুখৰ গোন্ধও আঁতৰ কৰিব পাৰি।
৫) দিনত ২ বাৰ দাঁত পৰিষ্কাৰ কৰক
অৱশ্যে, যিকোনো উপায় লোৱাৰ আগতে, আপুনি দিনত দুবাৰকৈ দাঁত ভালদৰে ব্ৰাছ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। খোৱা আৰু খোৱাৰ ফলত দাঁতৰ মাজত খাদ্যৰ স্তৰ জমা হয়, যাৰ ফলত দুৰ্গন্ধও হ’ব পাৰে। গ্ৰীণ টি (Green Tea ) ব্যৱহাৰে মুখৰ গোন্ধ হ্ৰাস কৰিব পাৰে। ইয়াত এণ্টিবেক্টেৰিয়েল উপাদান থাকে যি গোন্ধ আঁতৰ কৰে।