গাজৰৰ স্বাস্থ্যজনিত গুণৰ কথা আপুনি জানে নে??
দৈনন্দিন খাদ্য সামগ্ৰীৰ অন্তৰ্ভূক্ত হোৱা এক স্বাস্থ্য লাভকাৰী পাচলি তথা ফল হৈছে গাজৰ। শাক-পাচলিৰ গুণা-গুণৰ বিষয়ে কোনো সন্দেহ নাই। বিভিন্ন ভিটামিন, খনিজ উপাদান তথা অন্যান্য পুষ্টিকৰ উপাদানেৰে ভৰপূৰ এই শাক-পাচলিবোৰে বিভিন্ন শাৰীৰিক সমস্যা বা ৰোগ দূৰত ৰখাত সহায় কৰে। গাজৰ অত্যন্ত পুষ্টিকৰ আৰু ও সুস্বাদু শীতকালীন পাচলি যাক প্রায় সমগ্ৰ বছৰটোতেই পোৱা যায়। গাজৰৰ পুষ্টিগুণ আৰু উপকাৰিতাৰ আধিক্যৰ কাৰণে গাজৰক ‘ছুপাৰ ফুড’ বোলা হয়।
গাজৰৰ বৈজ্ঞানিক নাম Daucus Carota Subsp. sativus আৰু ইংৰাজীত Carrot বুলি জনা যায়। গাজৰ শীতকালত হোৱা শাক জাতীয় উদ্ভিদ, কিন্তু বিজ্ঞান-প্ৰযুক্তিৰ ন ন পদ্ধতিৰে এই গাজৰ বছৰৰ ১২ মাহেই উৎপাদন কৰা হয় আৰু বজাৰত সহজে উপলব্ধ হয়।
গাজৰৰ স্বাস্থ্যজনিত গুণবোৰ:
১/ গাজৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে। গাজৰত থকা ভিটামিন চি য়ে আমাৰ শৰীৰত এন্টিবডি গঢ়াত সক্ষম কৰি তুলে।
২/ গাজৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে ।গাজৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত থকাত সহায় কৰে।
৩/ গাজৰত থকা এন্টিঅক্সিডেন্টে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।
৪/ গাজৰে কৌষ্ঠকাঠিন্য ৰোগৰ বাবে উপকাৰী। গাজৰে কৌষ্ঠকাঠিন্য ৰোগ হ্ৰাস কৰাত সহায় কৰে।
৫/ গাজৰ চকুৰ বাবে উপকাৰী।
৬/ গাজৰে ওজন হ্রাস কৰাত সহায় কৰে।
৭/ গাজৰ তেজৰ বাবে উপকাৰী।