পকা বিলাহী আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী হয় জানে নে??
বিলাহী এবিধ অতি জনপ্ৰিয় পাচলি । মানুহৰ মাজত ইয়াৰ সমাদৰ বেছি। বিলাহী পুষ্টিৰ অন্যতম উৎস । বিলাহী সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী।
পকা বিলাহী অতি আকৰ্ষণীয়। বিলাহী বহুতো ঔষধি গুণ আছে। পকা বিলাহী কেঁচাই খোৱাৰ বাহিৰেও নানা জুতি লগাই ৰান্ধি খাব পাৰি।
বিলাহী খালে তেজৰ LDL কলেষ্টৰল হ্রাস কৰে আৰু HDL কলেষ্টৰল বৃদ্ধি কৰে।
বিলাহীৰ উপকাৰী গুণ :-
১/ বিলাহীত ভিটামিন A, B1, B2, B3, B5, B6, B9, B12, C, D, K থাকে।
২/ বিলাহীত যিহেতু ভিটামিন A থাকে সেয়ে চকুৰ দৃষ্টি শক্তিৰ বাবে অতি উপকাৰী। চকুৰ ৰোগ সমূহ চকুৰ অসুখ, কুকুৰীকণা আদি প্ৰতিৰোধ কৰে।
৩/ বিলাহী ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খালে ডায়েবেটিজ ৰোগ কমাই (JOURNEL OF AMERICAN MEDICAL ASSOCIATION) ।
৪/বিলাহীত যিহেতু এন্টিঅক্সিডেন্ট আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে সেয়ে চুলিৰ বাবেও উপকাৰী। চুলি চিকমিকিয়া আৰু শক্তিশালী কৰি তোলে।
৫/বিলাহী খালে তেজৰ LDL কলেষ্টৰল হ্রাস কৰে আৰু HDL কলেষ্টৰল বৃদ্ধি কৰে।
৬/ বিলাহী খালে শৰীৰ উজ্জ্বল কৰে আৰু কিডনি পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।
শাক-পাছলি আৰু ফলৰ ভিতৰত মানুহে বেছি সমাদৰ কৰে বিলাহীক।