আপুনি জানে নে জামুৰ কিমান উপকাৰীতা ফল ??

আপুনি জানে নে জামুৰ কিমান উপকাৰীতা ফল ??

জামু এবিধ চিৰসেউজীয়া উদ্ভিদ। এইবিধ গছ বনৰীয়া আৰু মানুহে ৰুই লোৱা, দুই ধৰণে পোৱা যায়। জামু সমগ্ৰ ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে পোৱা যায়।
জামক বিভিন্ন দেশত বিভিন্ন নামেৰে জনা যায়।

ইয়াক ক’লা প্লাম, জাম্বুল, জাম্বোলান, জাম্বুছ, মালাবৰ প্লাম, ৰাজমন, নেৰেডু, কলা জামুন, নৱল, জামালি, জাভা প্লাম আদি নামেৰে জনা যায়। এই ফল জুন আৰু জুলাই মাহত পোৱা যায়।

ইয়াৰ উপকাৰী গুণবোৰ:

জামত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। আৰু আইৰণৰ উপস্থিতিয়ে তেজত হিম’গ্লবিন বৃদ্ধি কৰে। ফলত তেজ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। ৰক্তহীনতাত আক্ৰান্তসকলৰ বাবে জাম খুব ভাল।

জামত ‘এ’ আৰু ‘চি’ ভিটামিন থাকে। ইয়াৰ উপৰিও ইয়াত বিভিন্ন খনিজ পদাৰ্থ থাকে, যিবোৰ আমাৰ চকু আৰু ছালৰ বাবে অতি উপকাৰী।

জাম খালে পেট ঠাণ্ডা হয়, যাৰ ফলত হজম শক্তি দ্ৰুত হয়। যিসকলৰ হাৰ্টবাৰ্ণৰ সমস্যা আছে তেওঁলোকে অধিক জাম সেৱন কৰিলে উপকৃত হ’ব।

জামে ছালৰ এষ্ট্ৰিংজেণ্ট গুণৰ বাবে ছালক তেলমুক্ত কৰি ৰাখে। ইয়াৰ উপৰিও ব্ৰণ আৰু ক’লা দাগ আঁতৰায়।
জামত থকা অক্সালিক এচিড, গেলিক এচিড, মেলিক এচিড, টেনিন, বেটুলিক এচিডে সংক্ৰমণক ৰোধ কৰি ৰাখে। জাম মেলেৰিয়া আৰু বেক্টেৰিয়া প্ৰতিৰোধীও।

ডায়েবেটিছ ৰোগীৰ বাবে জাম বহুত ভাল। ইয়াৰ এন্টি-ডায়েবেটিক গুণ আছে যিয়ে তেজত শৰ্কৰাৰ মাত্ৰা কমায়।

ক’লা জামুৱে হজম বৃদ্ধি কৰাত সহায় কৰে। কাল জামুত প্ৰচূৰ পৰিমাণে ফাইবাৰ থাকে। যকৃত সক্ৰিয় কৰে আৰু প্লীহা পাচন নলীক সুস্থ কৰি ৰাখে।

জামুৱে তেজৰ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰি হৃদযন্ত্ৰস্বাস্থ্যৱান কৰি ৰাখে। ই শৰীৰত দূষিত কাৰ্বন ডাই অক্সাইডৰ স্তৰ হ্ৰাস কৰে আৰু শৰীৰৰ প্ৰতিটো অংশলৈ অক্সিজেন প্ৰদান কৰে। জামুৱে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

জামুত কম কেলৰি থাকে, যি ক্ষতিকাৰক নহয় কিন্তু স্বাস্থ্যকৰ। গতিকে যিসকলে ওজনৰ বিষয়ে চিন্তিত আৰু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে তেওঁলোকে জামু গ্ৰহণ কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *