কেঁচা অমিতাৰ কিমান উপকাৰীতা গুণ আছে আপুনি জানে নে??
পকা অমিতা অতি সুস্বাদু আৰু পুষ্টিকৰ ফল । কিন্তু কেঁচা অমিতা আমি চবজি বা আঞ্জা কৰিহে খাওঁ । তেতিয়া ইয়াক পাচলি বুলিহে গণ্য কৰা হয়। অমিতা দি বনোৱা লোকেল মুৰ্গীৰ জোল, অমিতা দিয়া দাইল , কলখাৰ দি বনোৱা অমিতাৰ খাৰ আদি অমিতাৰ বিবিধ ব্যঞ্জন। খাচী মাংস বনাওঁতে কেঁচা অমিতা দিলে মাংস সোনকালে সিজি পৰে ।
থাইলেণ্ডত কেঁচা অমিতাৰ চালাড খুবেই জনপ্রিয় । সেইবোৰ দেশত কেঁচা বা কমকৈ সিজা পাচলি বেছি প্ৰচলিত। আমি পিছে কেঁচা অমিতা সিজাইহে খাওঁ । দেখাত তেনেই সাধাৰণ এই কেঁচা অমিতাৰো যে বহুতো উপকাৰিতা আছে ভাবিয়েই আচৰিত লাগে। ভিটামিন, এন্টিঅক্সিডেন্ট, এনজাইম, ফলেট, আঁহ আদিৰে ভৰপূৰ এই কেঁচা অমিতাই আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে চাওঁচোন আহক।
*কেঁচা অমিতাই ছাল আৰু শৰীৰৰ প্ৰদাহজনক স্থিতি হ্ৰাস কৰে। ই ঋতুস্ৰাৱৰ ক্ৰেম্প, ডিঙিৰ সংক্ৰমণ আৰু শ্বাসতন্ত্ৰৰ সংক্ৰমণকে ধৰি সমগ্ৰ শৰীৰত প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। ইয়াত ভিটামিন এ থাকে, যিয়ে হাঁওফাঁওৰ ৰোগত আৰোগ্য কৰাত সহায় কৰে।
*কেঁচা অমিতাই কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰ কৰে। কেঁচা অমিতাৰ এনজাইমবোৰ (বিশেষকৈ লেটেক্স) মলাশয় পৰিষ্কাৰ কৰাত সহায় কৰাৰ বাবে উৎকৃষ্ট।
*কেটেৰেক্ট বা বয়সস্থ লোকৰ হোৱা চকুৰ বিভিন্ন সমস্যাতো কেঁচা অমিতা উপকাৰী।
*মহিলাৰ মাহেকীয়া সময়ত বিষ হলে কেঁচা অমিতাৰ চবজি অতি উত্তম।
*শালমইনা, ক’লা দাগ, এলাৰ্জি আদি ছালৰ সমস্যা থকা লোকে কেঁচা অমিতা খালে সুফল পোৱা যায়।
*হাপানী, ব্ৰংকাইটিছ, কাহ, জ্বৰ হলে কেঁচা অমিতা খাব লাগে।
*কলেষ্টৰল সমস্যাত কেঁচা অমিতা উপকাৰী।
ই হাৰ্টৰ সুৰক্ষা কৰে।
সেয়েহে হাৰ্টৰ ৰোগীয়ে মাজে সময়ে কেঁচা অমিতাৰ আঞ্জা কৰি খাব লাগে।
গতিকে কেঁচা অমিতা খাওঁক আৰু নিৰোগী হৈ থাকক।