জালুক ৰ কিমান ঔষধী গুণ আছে আপুনি জানে নে??

জালুক ৰ কিমান ঔষধী গুণ আছে আপুনি জানে নে??

জালুক আমাৰ দৈনন্দিন খাদ্যসামগ্ৰীৰ অন্তৰ্গত এবিধ বিশেষ প্ৰাকৃতিক উপাদান । ৰান্ধনীশালত যেতিয়াই কোনো মছলাযুক্ত আহাৰ তৈয়াৰ কৰা হয় বা সেউজীয়া চালাডৰ গুণ অধিক সোৱাদযুক্ত কৰিবলৈ মন যায়,তেতিয়া প্ৰায়ে জালুকৰ প্ৰয়োগ কৰা হয় । জালুক গছৰ ফলবোৰ থোপাবান্ধি থাকে। জালুক গছৰ পাতবোৰ পিপলি আৰু পানৰ পাতৰ সৈতে সাদৃশ্য দেখা যায়। জালুক গছৰ ফল অৰ্থাৎ গুটিবোৰ গোলাকাৰ আৰু ইয়াৰ বৰণ সেউজীয়া।

সমগ্ৰ ভাৰতবৰ্ষতে মানুহে মছলা হিচাপে বিভিন্ন ব্যঞ্জনৰ লগত ইয়াক ব্যৱহাৰ কৰে। কাৰণ জালুকৰ আছে মানুহৰ ৰোগ নিৰাময়ৰ অনেক ঔষধি গুণ।

ইয়াৰ ঔষধী গুণবোৰ:
(১) আধা চামুচ জালুকৰ গুড়িৰ লগত অকণমান ঘিউ মিহলাই পুৱা গধূলি নিয়মিত ৰুপত খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয়।
(২) চাৰি পাঁচটা জালুকৰ লগত পোন্ধৰটা খিচমিচৰ দানা চোবাই খালে কাহৰ ক্ষেত্ৰত লাভজনক হয় ।
(৩) দীৰ্ঘদিন ধৰি পিত্ত ৰোগত আক্ৰান্ত হৈ থকা মানুহৰ বায়ু ঊৰ্ধ্বমুখী হৈ হাওঁফাওঁ, বুকু, মূৰৰ বিষ আদিৰ সৃষ্টি হয়। তেতিয়া এই ৰোগ নিৰাময়ৰ বাবে প্ৰায়ে ৩০০ গ্ৰাম গাখীৰৰ লগত তিনি-চাৰিটামান জালুকৰ গুড়ি ভালদৰে মিহলাই প্ৰতিদিনে দুবাৰকৈ পাঁচ-ছদিন খাব লাগে।
(৪) তিনি-চাৰিটামান জালুকৰ গুড়িৰ লগত সামান্য নিমখ মিহলাই সেই মিশ্ৰণখিনিকে দিনত তিনিবাৰ খালে সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ হয়
(৫) ছালত কোনোধৰণৰ ফোহাঁ উঠিলে কেইটামান জালুক এখন শিলৰ পতাত পানীৰে সৈতে পিহি অনামিকা আঙুলিৰে কেৱল ফোহাঁটোত লগাই দিলে সেই ফোহাঁটো বহি যায় ।
(৬) জালুকৰ এক উৎকৃষ্ট উপকাৰ হ’ল ওজন হ্ৰাস (weight loss)। শৰীৰৰ ওজন হ্ৰাস কৰিবলৈ আহাৰত জালুকৰ পৰিমাণ বৃদ্ধি কৰক।
(৭) ফেৰিণজাইটিছ (Frangities) ৰোগ থকা ৰোগী সকলে দুই – তিনিটা জালুকৰ গুড়ি মণিছালৰ দুটা গুটিৰ বাকলিৰ ৰসৰ সৈতে মিশ্ৰণ কৰি কুহুমিয়া একাপ গৰম পানীত ভালদৰে মিহলাই ৰাতি ভাত খোৱাৰ পিছত এচামুচকৈ দুই বা তিনিদিন খালে এই সমস্যাৰ পৰা ৰেহাই পোৱা যায়।
(৮) মাজে-সময়ে টনছিলৰ অসুখত ভোগা মানুহে ক’লা কচুৰ আঞ্জাৰ লগত চাৰি-পাঁচটামান জালুকৰ গুড়ি মিহলাই খালে এই অসুখ উপশম হয়। দুই-তিনি দিনৰ মূৰে মূৰে একেৰাহে এসাঁজকৈ এমাহ খালে এই অসুখৰ সুফল পোৱা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *