প্রতিদিনে কিমান পৰিমাণৰ নিমখ খাব জানো আহকছোন ? 

প্রতিদিনে কিমান পৰিমাণৰ নিমখ খাব জানো আহকছোন ? 

 

নিমখ নথকা যিকোনো খাদ্য সোৱাদহীন। মুখেৰে খাব নোৱাৰি। খাদ্যৰ বাবে কেঁচা নিমখ খোৱাৰ অভ্যাসও বহুতৰে আছে। বহুতে ফল-মূল বা পানীয়ৰ লগত নিমখ মিহলাই দিয়ে। এইদৰে গোটেই দিনটোত শৰীৰত কিমান নিমখ বা ছডিয়াম গ’ল তাৰ হিচাপ নাই। আৰু ইয়াতেই আচল বিপদ!

বিশেষজ্ঞসকলৰ মতে দৈনিক খাদ্যত নিমখৰ মাত্ৰা যদি প্ৰয়োজনতকৈ অলপ বেছি হয় তেন্তে ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। স্নায়ুৰ কাৰ্য্য, পেশীৰ সংকোচন আৰু শিথিলতা, শৰীৰত পানী আৰু খনিজ ভাৰসাম্য ৰক্ষাৰ বাবে শৰীৰত অতি কম ছডিয়ামৰ প্ৰয়োজন হয়। প্ৰতিদিনে প্ৰায় ৫ গ্ৰাম ছডিয়াম যথেষ্ট।

অতিৰিক্ত নিমখ সেৱনৰ ফলত আন বহুতো স্বাস্থ্যজনিত সমস্যা যেনে উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, হৃদযন্ত্ৰৰ বিকলতা আৰু বৃক্কৰ ৰোগ হ’ব পাৰে। গতিকে সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ বেছি নিমখ নাখালে ভাল। আহক, নিমখৰ সেৱন কমালে স্বাস্থ্যৰ কি কি উপকাৰ লাভ কৰিব পাৰি জানো –

ৰক্তচাপ কমোৱা –

নিমখ ছডিয়ামৰ অন্যতম উত্তম উৎস। শৰীৰত ছডিয়াম বেছি আৰু শৰীৰত পটাছিয়াম কম হ’লে উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি হয়। বেছিকৈ নিমখ খালে ৰক্তচাপ বৃদ্ধি পাব পাৰে। অৱশ্যে নিমখৰ পৰিমাণ কম কৰিলে ৰক্তচাপও হ্ৰাস পায়। হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ – অতিৰিক্ত নিমখ সেৱন কৰিলে হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। হৃদযন্ত্ৰৰ ৰক্তবাহী নলীৰ ভিতৰত প্লেক জমা হয়। ফলত সঠিকভাৱে ৰক্ত সঞ্চালন নহয়। এই কাৰণেই হাৰ্ট এটেক হয়। কিন্তু নিমখৰ পৰিমাণ কম কৰিলে ৰক্তচাপ কমি যায় আৰু ধমনীত প্লেক গঠন হোৱাত বাধা দিয়ে। ফলত হৃদযন্ত্ৰ সুস্থ হৈ উঠে।

বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা কমি যায় –

অধিক নিমখ খালে বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়। নিমখত থকা অতিৰিক্ত ছডিয়াম বৃক্কৰ শত্ৰু। শৰীৰত অত্যধিক ছডিয়াম থাকিলে ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰে আৰু বৃক্কৰ ক্ষতি কৰিবলৈ আৰম্ভ কৰে। গতিকে বৃক্ক সুস্থ কৰি ৰাখিবলৈ এতিয়াৰ পৰা অতিৰিক্ত নিমখ পৰিহাৰ কৰক।

ওজন কমাবলৈ নিমখ কম খাব –

মেদবহুলতাৰ বাবেও নিমখ দায়ী। অধিক পৰিমাণে নিমখ খালে শৰীৰত পানী জমা হোৱা বাঢ়ি যায়, যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে। কিন্তু নিমখৰ পৰিমাণ কম হ’লে শৰীৰে ইমান পানী জমা কৰিব নোৱাৰে।

সঘনাই হাৰ্টবাৰ্ণ –

অত্যধিক নিমখীয়া খাদ্য খোৱাৰ ফলত সঘনাই কৰ্টবাৰ্ন হ’ব পাৰে। অতিৰিক্ত নিমখ শৰীৰৰ তৰল পদাৰ্থৰ লগত মিহলি হৈ শৰীৰত অধিক পানীৰ প্ৰয়োজন অনুভৱ কৰে। যদি আপুনি এই অৱস্থাৰ পৰা মুক্তি পাব বিচাৰে তেন্তে নিমখৰ পৰিমাণ কম কৰক। গেষ্ট্ৰিক সমস্যা হ্ৰাস কৰে – গেষ্ট্ৰিক সমস্যাই আলচাৰৰ একমাত্ৰ কাৰণ নহয়, অতিৰিক্ত ছডিয়াম বা নিমখ সেৱন কৰিলেও পেটৰ আলচাৰ হ’ব পাৰে। কাৰণ নিমখে খাদ্য হজম হোৱাত বাধা দিয়ে। ফলত পেটত খাদ্য জমা হয় আৰু সঠিকভাৱে হজম নোহোৱাৰ ফলত গেষ্ট্ৰিক সমস্যাৰ সৃষ্টি হয়। কিন্তু মধ্যমীয়া পৰিমাণৰ নিমখ খালে এই সমস্যাৰ সৃষ্টি নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *