এটা জেঠীৰ বাবে ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল।

 

আজি গুৱাহাটী পৌৰ নিগমে ছীল কৰি দিয়ে হোটেলখন। প্ৰতিদিনেই গ্ৰাহকেৰে ঠাহ খাই থকা হোটেলখন আজি পৌৰ নিগমৰ দল উপস্থতি হৈ ছীল কৰে।

সোমবাৰে নিশা হোটেলখনত খাদ্যত ওলাইছিল জেঠী। এই কথা হোটেল কৰ্তৃপক্ষক অৱগত কৰাত গ্ৰাহকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল হোটেলৰ কৰ্মচাৰী। তাৰ পিছতে পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰিছিল গ্ৰাহকে। আজি সেই অভিযোগৰ ভিত্তিতে ছীল কৰি দিয়া হয় হোটেলখন।
উল্লেখযোগ্য যে প্ৰতিনিদেই শ শ গ্ৰাহকেৰে ঠাহ খাই থাকে মা কালী হোটেল। জনপ্ৰিয় হোটেলখনত আহাৰ গ্ৰহণ কৰিবলৈ ভিৰ কৰে বহু লোকে। দপৰীয়াৰ লগতে নিশালৈকে হোটেলখনত দেখা গৈছিল গ্ৰাহকৰ ভিৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *